নিষ্ঠা প্ৰশিক্ষণত এন চি আৰ টিৰ পৰ্যবেক্ষকৰ দল

0 269

ভাৰত  চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদ আৰু ৰাষ্ট্ৰীয় শৈক্ষিক পৰিকল্পনা আৰু প্ৰশাসনীয় প্ৰতিষ্ঠানৰ যোগেদি শিক্ষকসকলৰ বিভিন্ন দিশৰ সক্ষমতা বৃদ্ধিৰ উদ্দেশ্যে নিষ্ঠা নামৰ  শিক্ষক প্ৰশিক্ষণৰ কাৰ্য্যসূচী সমগ্ৰ ভাৰত বৰ্ষৰ লগতে যোৰহাট জিলাৰ পূব যোৰহাট শিক্ষাখণ্ডৰ অধীনৰ বিদ্যালয় সমূহৰ সহকাৰী শিক্ষক আৰু প্ৰধান শিক্ষক সকলৰ মাজত পঞ্চম পৰ্য্যায়ৰ প্ৰশিক্ষণ চলি আছে। আনহাতে বৃহস্পতি বাৰে নকছাৰী খাতিচোনা নৱজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ত হৈ থকা পূব যোৰহাট শিক্ষা খণ্ডৰ পঞ্চম পৰ্য্যায়ৰ নিষ্ঠাৰ প্ৰশিক্ষণ কাৰ্য্যসূচী তৃতীয় দিনা এন চি আৰ টি নতুন দিল্লীৰ এটি পৰ্যবেক্ষকৰ দল উপস্থিত হৈ প্ৰশিক্ষণ পৰ্যবেক্ষণ কৰে। এন চি আৰ টিৰ পৰ্যবেক্ষকৰ দলটোত আছিল অধ্যাপক দিনেশ কুমাৰ, অধ্যাপক বিনয় কৃষ্ণ দাস আৰু আৰ কে মিশ্ৰ। পৰ্যবেক্ষকৰ দলটিয়ে “নিষ্ঠা” প্ৰশিক্ষণৰ মুখ্য সমল ব্যক্তি বিমান শইকীয়াৰ ‘ সুস্বাস্থ্য আৰু সুন্দৰতা’ আৰু আন গৰাকী মুখ্য সমল ৰুনজুন বৰাৰ ‘গণিত’ৰ শ্ৰেণী পৰ্যবেক্ষণ কৰি প্ৰশিক্ষাৰ্থী সকলৰ সৈতে মত বিনিময় কৰে । পৰ্যবেক্ষকৰ দলটোৱে অত্যাধুনিক “নিষ্ঠা” প্ৰশিক্ষণৰ যোগেদি শিক্ষক শিক্ষয়ত্ৰী সকলে অধিক সক্ষমতাৰে শিক্ষাৰ লগতে ছাত্ৰ ছাত্ৰীৰ  শাৰিৰীক আৰু মানসিক উত্তৰণৰ লগতে সুপ্ত প্ৰতিভা বিকাশ কৰা ক্ষেত্ৰত যথেষ্ঠ অৰিহনা যোগাব পাৰিব বুলি প্ৰকাশ কৰে।
খবৰ যুগুতালে মৰিয়ণীৰ পৰা জ্যোতি প্ৰসাদ গগৈয়ে..

Leave A Reply

Your email address will not be published.