নিৰ্বাচনী আয়ুক্তই সংবাদ মেল যোগে কি ক’লে

0 245

মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল অৰোৰাই আজি মহানগৰী হোটেল ৰেডিচন ব্লুত এখন সংবাদমেল আয়োজন কৰে।তিনিদিনীয়া ভ্ৰমণসূচী লৈ অসমলৈ অহা নিৰ্বাচনী আয়োগৰ দলটোৱে উচ্চ পৰ্যায়ৰ বিষয়া লগতো আলোচনাত মিলিত হৈছিল।সংবাদমেল যোগে মুখ্য নিৰ্বাচনী আয়ুক্তই নিৰ্বাচনী সম্পৰ্কে কেতবোৰ নীতি নিৰ্দেশনা বিষয়ে অৱগত কৰায়।ইয়াৰ ভিতৰত ক’ভিডৰ প্ৰট’কল অনুসৰি ভোট কেন্দ্ৰ বৃদ্ধি কৰা আৰু নতুনকৈ এহেজাৰ ভোট কেন্দ্ৰ স্থাপন কৰা অন্যতম।
উল্লেখযোগ্য যে নিৰ্বাচন যাতে স্বচ্ছ আৰু নিকা পদ্ধতিৰে অনুষ্ঠিত হয় তাৰ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে বুলি মুখ্য নিৰ্বাচনী আয়ুক্ত গৰাকীয়ে অৱগত কৰায়।কোনো প্ৰাৰ্থীয়ে অনলাইন পদ্ধতিৰে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিব পাৰিব।নিৰ্বাচনী প্ৰচাৰত প্ৰাৰ্থীসহ ৫ জন লোকে ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ কৰিব পাৰিব।আনহাতে ৰোড শ্ব’ৰ কৰাত কোনো বাধা নাথাকিব। ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি যাতে সুস্থিৰ হৈ থাকে তাৰ বাবে চ’চিয়েল মেডিয়া ওপৰতো কঠোৰ নিৰীক্ষণ কৰা হ’ব।
উল্লেখযোগ্য যে বিহু পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰিব বুলি মুখ্য নিৰ্বাচনী আয়ুক্ত গৰাকীয়ে জানিব দিয়ে।আনহাতে NRC ত নাম নাথাকিলেও ভোট দান কৰা সুবিধা পাব যদিহে তেওঁ ভোটৰ তালিকাত নাম থাকে।আজিৰ সংবাদমেলত উপস্থিত থাকে নিৰ্বাচন আয়ুক্ত সুচিল চন্দ্ৰা আৰু ৰাজীৱ কুমাৰ।

Leave A Reply

Your email address will not be published.