নৈপৰীয়া জীৱন গাঁথাৰে নিৰ্মিত ছবি শিপাৰ ২৫ ছেপ্টেম্বৰত শুভমুক্তি

0 233

জাত পাতৰ উৰ্দ্ধত থাকি দৰিদ্ৰতাৰ মাজতো যুঁজি যোৱা এগৰাকী অসহায় মহিলাই অৱশেষত জীৱন যুদ্ধত হাৰ মানিবলৈ বাধ্য হ’ল। কিন্তু সকলো হেৰুৱায়ো ঘাট মাউৰা যুৱকজনে মাকৰ পদাংক অনুসৰণ নকৰি জীৱন যুদ্ধত যুঁজিবলৈ শিকিলে। এনে এক ধনাত্মক বাৰ্তাৰ কাহিনীৰ মাজেৰেই দক্ষিণ কামৰূপৰ নৈপৰীয়া বৃহত্তৰ দখলা অঞ্চলৰ কৃষ্টি সংস্কৃতি, ইতিহাস কিম্বদন্তী , হৰ্ষ বিষাদৰ সকলো দিশ সামৰি নিৰ্মাণ কৰা হৈছে শিপা। শিপাৰ সন্ধানত আতুৰ বাবেই গাঁৱখনৰ উঠি অহা প্ৰজন্মৰ এচাম তৰুণ তৰুণীয়ে সন্ধান কৰিলে। কিশোৰ কুমাৰ কলিতাৰ কাহিনী,চিত্ৰনাট্য আৰু পৰিচালনা, জয়ন্ত দাস জিয়ানৰ ব্যৱস্থাপনা আৰু সহ পৰিচালনা, বনজিৎ দাস আৰু ৰাজীৱ দাসৰ চিত্ৰগ্ৰহণ, চাহাব চৌধুৰীৰ সম্পাদনা, স্নিগ্ধা শিখা কে চি বৰা চৌধুৰীৰ ধাৰাভাষ্য, মানস কমল চৌধুৰীৰ আবহ সংগীতৰে নিৰ্মিত ছবি শিপাই অহা ২৫ ছেপ্টেম্বৰত মুক্তি লাভ কৰিব।
 
ক’ৰণা মহমাৰীৰ পৰিপ্ৰেক্ষিতত বিভিন্ন দিশৰ প্ৰতি লক্ষ্য ৰাখি ২৫ চেপ্টেম্বৰৰ বিয়লি গাঁওখনতেই অনুষ্ঠুপীয়াকৈ শুভ মুক্তি অনুষ্ঠান আয়োজন কৰিছে । জনপ্ৰিয় কন্ঠশিল্পী কুমাৰ ভৱেশ, নাট্যকাৰ হিমাংশু প্ৰসাদ দাস, অভিনেতা প্ৰদ্যুত বিকাশ দাস, সমাজকৰ্মী পংকজ লোচন গোস্বামী, কামৰূপীয়া লোক কৃষ্টিৰ গুৰু সুকুমাৰ মেধি আদি শুভমুক্তি অনুষ্ঠানত উপস্থিত থাকিব ।শুভমুক্তিৰ পিছতেই “Shipa Production” নামৰ YouTube চেনেলটো জড়িয়তে ‘শিপা’ ছবিখন অসমৰ ৰাইজে উপভোগ কৰিব পাৰিব।

Leave A Reply

Your email address will not be published.