নৰ্থ -ইষ্ট স্মল ফাইনেঞ্চ বেংকৰ বিনামূলীয়া পশু চিকিৎসা শিবিৰ

0 238

নৰ্থ -ইষ্ট স্মল ফাইনেঞ্চ বেংকৰ উদ্যোগত গোলাঘাট জিলাৰ পুলিবাগানত মঙলবাৰে অনুষ্ঠিত হয় এক বিনামূলীয়া পশু চিকিৎসা শিবিৰৰ। নৰ্থ -ইষ্ট স্মল ফাইনেঞ্চ বেংকৰ গোলাঘাট শাখাৰ উদ্যোগত অনুষ্ঠিত বিনামূলীয়া পশু চিকিৎসা শিবিৰৰ জৰিয়তে পুলিবাগান অঞ্চলৰ ডেৰ শতাধিক পশু পক্ষীৰ চিকিৎসা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰা হয়।এই চিকিৎসা শিবিৰত পশু চিকিৎসক ডাঃ শান্তনু ভট্টাচাৰ্য্যই চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে গাহৰি আৰু ছাগলীৰ বিভিন্ন ৰোগৰ লক্ষণ আৰু তাৰ প্ৰতিকাৰৰ ক্ষেত্ৰত ল’ব লগা সাৱধানতাৰ ওপৰতো আলোকপাত কৰে। পুলিবাগান অঞ্চলৰ বহু সংখ্যক স্থানীয় পুৰুষ আৰু মহিলা সকলে অংশগ্ৰহণ কৰা চিকিৎসা শিবিৰৰ অনুষ্ঠানটিৰ আঁত ধৰে নৰ্থ -ইষ্ট স্মল ফাইনেঞ্চ বেংকৰ গোলাঘাট শাখাৰ ঋণ বিভাগৰ শাখা পৰিচালক ৰাজু বৰাই। উল্লেখ্য যে,নৰ্থ -ইষ্ট স্মল ফাইনেঞ্চ বেংকে ৰাজ্যখনৰ পুৰুষ-মহিলাসকলক স্বাৱলম্বীতাৰ বাবে ঋণ প্ৰদান কৰাৰ সমান্তৰালকৈ এনেদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিনামূলীয়া পশু চিকিৎসা শিবিৰৰ আয়োজন কৰিছে।

Leave A Reply

Your email address will not be published.