নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱৰ দ্বিবাৰ্ষিক অধিবেশন সম্পন্ন 

0 281

সাংবাদিকতা বা সংবাদসেৱা সাংবিধানিক ভাবে স্বীকৃত এক মৰ্যাদা সম্পন্ন পবিত্ৰ বৃত্তি।সংবাদ মাধ্যম সমাজৰ সৰ্বস্তৰৰ  সৰ্বাংগীন উত্তৰণৰ লগতে গণতন্ত্ৰ আৰু গণতান্ত্ৰিক বিধি ব্যৱস্থা  সুৰক্ষাৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ। সাম্প্ৰতিক সময়ত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমে বিজ্ঞানসন্মত দৃষ্টি ভঙ্গীৰে আগবঢ়াৰ প্ৰাসংগিকতা আহি পৰিছে।আহি পৰিছে সংবাদ মাধ্যমৰ স্বকীয় অস্তিত্ব সুৰক্ষাৰ এক  জটিল সন্ধিক্ষণ অতিক্ৰমাৰ  কঠিন সময়। এনে প্ৰেক্ষাপটত এই কথা খুব স্পষ্ট যে সংবাদ মাধ্যম কেৱল সমাজ তথা ৰাইজৰ ওচৰতহে সর্বদা দায়বদ্ধ।কোনো ৰাষ্ট্ৰযন্ত্ৰৰ ওচৰত নহয়।  যিদৰে এখন প্ৰগতিশীল সমাজ গঠনৰ বাবে সংবাদ মাধ্যমৰ কৰণীয় অধিক, ঠিক তেনেদৰে সংবাদ মাধ্যমৰ পৰা সৰ্বোত্তম সেৱা আদায়ৰ স্বাৰ্থত  সংবাদসেৱী সকলৰ প্ৰতিও চৰকাৰ ,সমাজ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ কৰণীয় ততোধিক। লখিমপুৰ জিলাৰ শক্তিশালী সাংবাদিক সংগঠন নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱৰ  দ্বি বাৰ্ষিক অধিবেশনৰ মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাবে অংশ গ্ৰহণ কৰি এই মন্তব্য কৰে সদৌ অসম বার্তাজীৱী সংঘৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক টুটু মণি ফুকনে।
নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱৰ স্থায়ী কাৰ্যালয়ত  দেওবাৰ আৰু সোমবাৰে দুদিনীয়াকৈ অনুষ্ঠিত দ্বি বাৰ্ষিক অধিবেশনৰ অন্তিম দিনৰ মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে বার্তাজীৱী সংঘৰ সাধাৰণ সম্পাদক টুটু মণি ফুকনে আগবঢ়োৱা সুদীর্ঘ বক্তব্যত  সদৌ অসম বার্তাজীৱী সংঘই সাংবাদিকৰ  বৃত্তিগত আৰু আৰ্থিক সুৰক্ষাৰ বাবে অব্যাহত ৰখা নাৰ্য প্ৰাপ্য বিচৰা বিধিগত প্ৰক্ৰিয়া সন্দৰ্ভতো ব্যাখ্যা আগবঢ়াই সাংবাদিকৰ মান উন্নয়নৰ লক্ষ্যৰে সংঘই কাহিলিপাৰাত “প্ৰেছ একাডেমী” প্ৰতিষ্ঠাৰ বাবে আৰম্ভ কৰা প্ৰস্তুতি  সন্দৰ্ভতো বিশদ ভাবে অৱগত কৰে। প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি , জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি,প্ৰবীণ সাংবাদিক সুৰজিত ভূঞাই মননশীল বক্তব্যৰে উদ্ধোধন কৰা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে পদ্মশ্ৰী উদ্ধব ভঁৰালী , আমন্ত্ৰিত অতিথি হিচাপে জিলা তথ্য আৰু জনসংযোগ বিষয়া মন্দিৰা চায়েঙিয়া উপস্থিত থাকি বক্তব্য ৰাখে।মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ সচিব ৰাজু সিংহ ,  বিভিন্ন ছাত্ৰ সংগঠনৰ শীর্ষ বিষয় ববীয়া সকল,মহাবিদ্যালয় সমূহৰ সাংবাদিকতা পাঠ্যক্ৰমৰ শিক্ষাৰ্থী সকল আৰু গৰিষ্ঠ সংখ্যক শুভাকাংক্ষী ৰাইজ মুকলি সভাত উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। ইপিনে অধিবেশনৰ প্ৰথম দিনা দেওবাৰে বিয়লি প্ৰেছ ক্লাৱ ভৱনত অনুষ্ঠিত হয় প্ৰতিনিধি সভা। প্ৰেছ ক্লাৱৰ সকলো সদস্য উপস্থিত থকা প্ৰতিনিধি সভাত অনাগত ২০২১-২০২৩ বর্ষৰ কাৰ্যকালৰ বাবে এখন শক্তিশালী সমিতি গঠন কৰা হয়। প্ৰতিনিধি সভাত সৰ্বসন্মতি ক্ৰমে কুমুদ বৰুৱাক সভাপতি ,কুমুদ শইকীয়া আৰু অজিত মেধিক উপ সভাপতি,  দীপেন বৰাক কাৰ্যকৰী সভাপতি, কৰুণাকৃষ্ণ নাথক সাধাৰণ সম্পাদক,বুবুল হাজৰিকা আৰু  প্ৰিয়ম জ্যোতি ফুকনক সহকাৰী সম্পাদক ,অনিল দত্তক কোষাধ্যক্ষ,ৰঞ্জিত কাকতি আৰু ৰাজেশ ৰাঠিক প্রত্ৰিকা সম্পাদক, প্ৰশান্ত মোদক, নীল প্ৰবন সভাপণ্ডিত,ৰকেট দেউৰী,দেৱপ্ৰসাদ শইকীয়া,
টুন হাজৰিকা, ৰূপম গগৈ,বীৰু কুমাৰ দাস, ভবেন বৰাক কাৰ্যকৰী সদস্য হিচাবে লৈ শক্তিশালী সমিতিখন সৰ্বসন্মত ভাবে গঠন কৰা হয়। নবগঠিত সমিতিখনলৈ জিলাখনৰ বিভিন্ন ব্যক্তি, দল ,সংগঠনে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি অনাগত সময়ত জিলা সদৰৰ একক  সাংবাদিক সংগঠনটোৱে  জনমুখী পদক্ষেপ গ্ৰহনেৰে অধিক গতিশীলতা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। 
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.