নৱ ৰূপত উদ্ভাসিত হ’ব ত্ৰিপুৰাৰ বিমান বন্দৰ

0 239

গুৱাহাটী  বৰঝাৰস্থিত লোকপিয়ল গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পিছতে দ্বিতীয় ব্যস্ততাপূৰ্ণ বিমান বন্দৰ হিচাপে পৰিচিত ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাস্থিত মহাৰাজা বীৰ বিক্ৰম ( এম বি বি ) বিমানবন্দৰটোক বিশ্বমানৰ বিমানবন্দৰ হিচাপে গঢ় দিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ ( এ এ আইয়ে )।
 
 
 
ইয়াৰ অংশ হিচাপে ২০১৭ চনতে এম বি বি বিমানবন্দৰটো বিশ্বমানৰ তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিমানবন্দৰলৈ উন্নীত কৰণৰ লক্ষ্যৰে এটা নতুন ট্ৰাৰ্মিনেল বিল্ডিং , বিমান ৰাখিব পৰা হেংগাৰ , সীমাৰ দেৱাল আৱাসীক এলেকাত গৃহ নিৰ্মাণ , পাৰ্কিং স্থানকে ধৰি বিমানবন্দৰটো আন্তঃগাঁথনি উন্নয়নৰ কাম আৰম্ভ কৰিছিল৷
 
 
 
বিমানবন্দৰটো সমগ্ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আয় ৪৩৮ কোটি টকা ব্যয় হ’ব ৷ য’ত নতুন ট্ৰাৰ্মিনেল বিল্ডিংত ব্যয় হ’ব ৩৩৮. ২৮ কোটি টকা ৷ ইফালে কিছুদিন পূৰ্বে গুৱাহাটীৰ পৰা আগৰতলা এম বি বি বিমানবন্দৰ ভ্ৰমণৰত এটা সাংবাদিকৰ দলক নৱনিৰ্মিত ট্ৰাৰ্মিনেল বিল্ডিং সন্দৰ্ভত এ এ আই উত্তৰ পূৱ মণ্ডলতৰ কেন্দ্ৰীয় কাৰ্য্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালে কয় যে  চলিত মাহৰ মাৰ্চ মাহত ট্ৰাৰ্মিনেল বিল্ডিংৰ কাম সম্পূৰ্ণ কৰা কথা আছিল ৷ যদিও প্ৰতিকূল বতৰকে ধৰি বিভিন্ন কাৰণত ইয়াৰ ৮০ শতাংশ কাম সম্পূৰ্ণ কৰা হৈছে ৷
অহা ছেপ্তেম্বৰ মাহত নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হ’ব আৰু দূৰ্গা পূজা পূৰ্বে ১৮৮৫০ বৰ্গমিটাৰ ভূতল মহলা ৮০০০ বৰ্গমিটাৰ মেজাইত মহলা আৰু ৫৫০০ বৰ্গমিটৰ বেচমেনযুক্ত মহলা আনুষ্ঠানিক ভাৱে মুকলি কৰা হ’ব ৷সদৰি কৰা অনুসৰি নতুন ট্ৰাৰ্মিনেল বিল্ডিংত একে সময়তে এক হাজাৰ ঘৰুৱা , দুশ বিদেশীসহ মুঠ ১২০০ যাত্ৰী বিমানবন্দৰত উঠা নমা কৰিব পাৰিব ৷ তেনেদৰে যাত্ৰীৰ বাবে ২০ টা চেক ইন কাউণ্টাৰ , ৫ টা কাষ্টম কাউণ্টাৰ , ১০ টা ইমি প্ৰেছন কাউণ্টাৰকে ধৰি ৭ খন স্বয়ংক্ৰিয় দুৱাৰ থাকিব ৷
 
 
ইফালে বাংলাদেশ সীমান্তত ব্যৱহৃত হোৱা বাবে বাংলাদেশৰ বহুসংখ্যক লোক এম বি বি বিমানবন্দৰ হৈ ভাৰতৰ বিভিন্ন প্ৰান্তলৈ বিমানৰ অহা যোৱা কৰে ৷ বিমানৰ উৰণ অৱতৰণৰ সুবিধা থকা বিমানবন্দৰটোৰ পৰা দৈনিক গুৱাহাটী , কলকতা , বাংগালোৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্তলৈ ভালে কেইখন বিমান চলাচল কৰে ৷ নতুন ট্ৰাৰ্মিনেল বিল্ডিং সমূহত আন্তঃগাঁথনি কাম সম্পূৰ্ণ হ’লে এম বি বি বিমানবন্দৰটোৱে এক নতুন ৰূপ পাব বুলি এ এ আইৰ কেন্দ্ৰীয় কাৰ্য্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালে গুৱাহাটীৰ পৰা যোৱা সাংবাদিকৰ দলটোক ব্যক্ত কৰে ৷

Leave A Reply

Your email address will not be published.