ন ৰূপত জিলিকি উঠিব কামাখ্যা মন্দিৰ

0 191

মা কামাখ্যাৰ ভক্ত গণৰ বাবে সুখবৰ।কিছুদিনৰ পাছত কামাখ্যা মন্দিৰৰ গম্বুজত জিলিকিব তিনিটাকৈ সোণৰ কলচি। প্ৰায় ২০ কেজি ওজনৰ এই কলচিকেইটা আগবঢ়াইছে দেশৰ প্ৰখ্যাত উদ্যোগপতি মুকেশ আম্বানীয়ে।জানিব পৰা মতে ইতিমধ্যে ৮০% কাম সমাপন হৈছে। এই সম্পৰ্কে কামাখ্যাৰ দলৈয়ে কয় যে যোৱা ছেপ্টেম্বৰ মাহৰ পৰাই ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ গ্ৰুপে কামাখ্যা মন্দিৰত যোগাযোগ কৰিছিলে আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ গ্রুপৰ বিষয়ববীয়াৰ উদ্যোগত এটা সজাতি দলে সম্প্ৰতি কামাখ্যা মন্দিৰত বাহৰ পাতি আছে আৰু তেওঁলোকে মন্দিৰ নিৰ্মানত ব্যস্ত হৈ পৰিছে।
 
কামাখ্যা মন্দিৰে অসমৰ পৰ্যটনৰ ক্ষেত্ৰত এক ন মাত্ৰ প্ৰদান কৰি আহিছে।বিশেষকৈ অম্বুবাচী মেলাত কামাখ্যা মন্দিৰত বহু দেশ বিদেশী পৰ্যটক তথা ভক্তগণৰ আগমন হয়।

Leave A Reply

Your email address will not be published.