পথাৰ দিৱস উদযাপন

0 243

কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত নগাঁও জিলাৰ পাখিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বুঢ়াগোহাঁই গাঁৱত আজি মাটিমাহৰ বীজ উৎপাদনৰ পথাৰ দিৱস উদযাপন কৰা হয়। অসম কৃষি বানিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্প (এপাৰ্ট)ৰ উদ্যোগত এইবেলি মাটিমাহৰ উন্নত প্ৰজাতিৰ আইপিইউ০২-৪৩(IPU02-43)ৰ প্ৰদৰ্শনমূলক খেতি কৰা হৈছে। সেই কাৰ্যসূচীৰ অধীনতে আজি বুঢ়াগোহাঁই গাঁৱত মাটিমাহৰ খেতিত পথাৰ দিৱস উদযাপন কৰা হয়। এপাৰ্টৰ প্ৰকল্প সহযোগী প্ৰিয়ংকা ডেকাই আঁত ধৰা পথাৰ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী ড০ নিৰঞ্জন ডেকাই এই সমগ্ৰ মাটিমাহ উৎপাদন প্ৰক্ৰিয়াটো বিজ্ঞানসন্মত পদ্ধতিত মাটিমাহৰ কৃষিকাৰ্য্য আৰু বীজ উৎপাদন আৰু মূল্য সংযোজনৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে উন্নত মানৰ মাহজাতীয় বীজ উৎপাদনৰ জড়িয়তে কৃষকসকল আয় বৃদ্ধি হ`ব বুলি প্ৰকাশ কৰে। ইয়াৰ লগতে শাকপাচলি, হাঁহ কুকুৰা পালন কৰি কেনেকৈ নতুন প্ৰযুক্তিৰ দ্বাৰা ইয়াৰ ব্যবসায়ৰ দ্বাৰা আয় বৃদ্ধি কৰিব পাৰি তাৰ বিষয়ে কৃষকসকলক অৱগত কৰে। অনুষ্ঠানটিত কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ কাৰিকৰী গৱেষক দুৰ্লভ চন্দ্ৰ কলিতা, দুগৰাকী কৃষি সখী, গাঁও খনৰ অৰ্ধশতাধিক প্ৰগতিশীল কৃষক উপস্থিত থাকে।
বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে

Leave A Reply

Your email address will not be published.