পথ সজাগতা কৰ্মশালা অনুষ্ঠিত

0 268

হাইস্কুলত নামভৰ্তি কৰাৰ দিনাৰে পৰা এজনে ছাত্ৰ ছাত্ৰীয়ে পথ সুৰক্ষা সন্দৰ্ভত নুন্যতম সচেতন হ’ব পাৰে তাৰ বাবে ৰাজ্যৰ ভিতৰত প্ৰথমবাৰৰ বাবে কামৰূপ জিলা পথ সুৰক্ষা সমিতিয়ে শিক্ষানুষ্ঠান মুৰব্বী সমূহৰ জৰিয়তে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে ।ইয়াৰ অংশ স্বৰূপে আজি আই আই টি গুৱাহাটীৰ প্ৰেক্ষাগৃহত পথ সজাগতা কৰ্মশালা অনুষ্ঠিত হয় ।কৰ্মশালাৰ শুভাৰম্ভ অনুষ্ঠানত অসমৰ পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে পথ সুৰক্ষা মাথো এক শ্ল’গান নহয়, ই এক জীৱনৰ ধাৰা।বিশেষকৈ স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলে পথ সুৰক্ষাৰ দিশত সচেতন হ’লে দুৰ্ঘটনাৰ পৰিমাণ হ্ৰাস পাব।অনুষ্ঠানত অসম চৰকাৰৰ পৰিবহন বিভাগৰ সচিব ৰাজভী হুছেইন, অভিজিত বৰুৱাকে আদি কৰি বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.