পলাশবাৰীত ভাৰতৰত্ন ৰাজীৱ গান্ধীৰ ৭৬ সংখ্যক জন্ম জয়ন্তী উদযাপন

0 265

প্ৰয়াত প্ৰধানমন্ত্ৰী তথা ভাৰতৰত্ন ৰাজীৱ গান্ধীৰ ৭৬ তম্ সংখ্যক জন্মদিন উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত উদযাপন কৰা হয়। সমান্তৰালভাৱে পলাশবাৰীতো কংগ্ৰেছ দলৰ ভাতৃ সংগঠন অসম ৰাজ্যিক এন এছ ইউ আইৰ উদ্যোগত প্ৰয়াত ৰাজীৱ গান্ধী ৭৬ সংখ্যক জন্ম দিন উপলক্ষে মিৰ্জাস্থিত ৩০ খন বিচনাযুক্ত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ গৈ ৰোগীসকলৰ লগতে চিকিৎসক, স্বাস্থ্যকৰ্মীৰ মাজত ফল মূল, মাস্ক আৰু অ’ আৰ এচ এল বিতৰণ কৰা হয়।
 
 
ইয়াৰ লগত সংগতি  ৰাখি পলাশবাৰী যুৱ কংগ্ৰেছৰ তৰফৰ পৰা উপৰহালীস্থিত ৰাজীৱ ভৱনত গছ পুলি ৰোপন আৰু বিতৰণ কৰা হয়। গছপুলি ৰোপন কৰে গুৱাহাটী মহকুমা বজাৰ সমিতিৰ অধ্যক্ষ তথা যুৱ নেতা প্ৰণৱ কলিতাই। আনহাতে ইয়ং ব্ৰিগেডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে জিলা ইয়ং ব্ৰিগেডৰ উদ্যোগতো ফল মূল আৰু বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
 
 
উক্ত অনুষ্ঠানত অসম ৰাজ্যিক এন এছ ইউ আইৰ সম্পাদক বিকাশ কুমাৰ নাথ, পলাশবাৰী যুৱ কংগ্ৰেছৰ সভাপতি মজিদুৰ ৰহমান, জিলা ইয়ং ব্ৰিগেডৰ সভাপতি সত্যজিৎ কলিতাৰ লগতে বহুকেইজন কৰ্ম কৰ্তা উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.