ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণক ক’ভিডৰ বিৰুদ্ধে চলি থকা যুজঁখনত সহায়ক হোৱাকৈ সামাৰ্থনুসৰি সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছিল। সেই আহ্বানৰ প্ৰতি সঁহাৰি দি বিগত দিনকেইটাত ৰাজ্যৰ বহু লোকে অসম আৰোগ্য নিধিৰ লগতে মুখ্যমন্ত্ৰীৰ সাহায্য পুজিলৈও দান-বৰঙণি আগবঢ়াইছে। ক’ভিডৰ বিৰুদ্ধে চলি থকা যুজঁখনত সহায়ক হোৱাকৈ ৰাজ্য চৰকাৰে গঠন কৰা অসম আৰোগ্য নিধিলৈ ৩০ লাখ টকাৰ বৰঙণি আগবঢ়াইছে দক্ষিণ কামৰূপৰ মিৰ্জা নিবাসী, প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ তথা বিশিষ্ট ব্যৱসায়ী অনিল দাসে। যোৱা ২৬ মে’ত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি তেখেতৰ হাতত ৩০ লাখ টকাৰ চেক প্ৰদান কৰে। উল্লেখ্য যে, প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ তথা বিশিষ্ট ব্যৱসায়ী অনিল দাসে বিগত সময়ছোৱাত ৰাজ্যৰ লগতে দক্ষিণ কামৰূপ অঞ্চলত বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানত উন্নয়ন মূলক কামত সহায়ৰ হাত আগবঢ়ায় আহিছে। তেওঁৰ এই মহানুভৱতাক অঞ্চলটোৰ ৰাইজে প্ৰশংসা কৰিছে।
Trending
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা