পলাশবাৰীৰ ৰামপুৰ কৃষি উন্নয়ন চক্ৰত ৰবি শস্যৰ বীজ বিতৰণ

0 223

ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান যোজনাৰ অধীনত পলাশবাৰীৰ ৰামপুৰ কৃষি উন্নয়ন চক্ৰত আজি কামৰূপ জিলা পৰ্যায়ত অনুমোদিত হিতাধিকাৰীসকলৰ মাজত ৰবি শস্য সৰিয়হ, মাকৈ আৰু মটৰৰ বীজ বিতৰণ হয়। কৃষি উন্নয়ন বিষয়া গিৰীন্দ্ৰ কুমাৰ শৰ্মা, কৃষি উন্নয়ন সহায়ক লংকেশ্বৰ কলিতা, দক্ষিণ কামৰূপ জিলা কিষাণ মৰ্চাৰ সভাপতি মাণিক সিংহ আদিকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত চাৰি কুইণ্টল সৰিয়হ, আঠ কুইণ্টল মটৰ আৰু ন কুইণ্টল মাকৈ কৃষক হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰি দিয়ে। পলাশবাৰীৰ ৰামপুৰ চক্ৰৰ অন্তৰ্গত কৃষকসকলৰ বেছিভাগেই মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত অথবা বালি চাপৰিত ৰবি শস্যৰ খেতি কৰি আহিছে। তেনে ক্ষেত্ৰত চৰকাৰে বিনামূলীয়াকৈ বিতৰণ কৰা এই ৰবি শস্যৰ বীজে কৃষকসকলক যথেষ্ট উপকৃত হ’ব বুলি কৃষকসকলে মন্তব্য কৰে।

Leave A Reply

Your email address will not be published.