পলিথিন মুক্ত পৰিবেশ গঢ়াৰ প্ৰচেষ্টা বন বিষয়াৰ

0 329

সেউজ প্ৰকৃতিৰ ওপৰত একাংশ জীৱশ্ৰেষ্ঠই ব্যাপক হাৰত ধ্বংসলীলা অব্যাহত ৰখাৰ সময়তে তিতাবৰৰ এজন বন বিষয়াই গঢ়ি তোলা এখন বিশাল নাৰ্ছাৰীয়ে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ২০১২ বৰ্ষতে তিতাবৰৰ জালুকনিবাৰী কুণ্ডাৰ গাঁৱত চৰকাৰীভাৱে স্থাপন কৰা বন বিভাগৰ নাৰ্ছাৰী খনত সম্প্ৰতি বৃহৎ সংখ্যক গছপুলি সংৰক্ষণ কৰি ৰাখিবলৈ সক্ষম হৈছে। প্ৰথম অৱস্থাত চৰকাৰী বিষয়া কৰ্মচাৰী সকলৰ অমনোযোগিতাৰ বাবেই নাৰ্ছাৰীখন অৱহেলিত হৈ আছিল যদিও শেহতীয়াকৈ তিতাবৰ খণ্ড বন বিষয়া বিকেন পেগুৰ তত্বাৱধানত নাৰ্ছাৰী খন ক্ৰমাৎ সেউজীয়াৰে উপচি পৰা দেখিবলৈ পোৱা গৈছে। লক্ষণীয় যে ২০১৮ বৰ্ষত যোৰহাট জিলা বন বিষয়া দেৱেন্দ্ৰ সুমনে নাৰ্ছাৰীখন গঢ়ি তুলিবলৈ তিতাবৰ খণ্ড বন বিষয়া গৰাকীক দায়িত্ব অৰ্পণ কৰাৰ পাছতে তিতাবৰৰ বন বিষয়া বিকেন পেগুৱে এক সুস্থ পৰিকল্পনাৰে নাৰ্ছাৰীখন গঢ়ি তুলিবলৈ সক্ষম হৈছে।নাৰ্ছাৰীখনত খুব কম সময়ৰ ভিতৰতে বহু প্ৰজাতিৰ মূল্যৱান গছৰ লগতে বিলুপ্তিৰ পথত গতি কৰা কেইবাটাও প্ৰজাতিৰ গছপুলি সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰাই নহয় স্থানীয় ৰাইজৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰি প্ৰাকৃতিক পৰিৱেশ ৰক্ষাৰ বাবে অহোপুৰুষাৰ্থ কৰিছে বুলি জানিবলৈ দিছে। বৰ্তমান ১৩৮ টা প্ৰজাতিৰ প্ৰায় আঢ়ৈ লক্ষাধিক গছপুলিৰে সেউজীয়া হৈ পৰা নাৰ্ছাৰীখনত আছে ২০ টা প্ৰজাতিৰ অৰ্কিড আৰু ২২ টাকৈ প্ৰজাতিৰ ভিন্ন প্ৰকাৰৰ  বাঁহ গছ। ২০ বিঘা ভূমিৰে আৱৰি থকা নাৰ্ছাৰীখনৰ ১০ বিঘা ভূমিত ৰোপণ কৰা গছপুলি বোৰৰ সৌন্দৰ্যই ৰাইজক আকৰ্ষিত কৰি তুলিছে। তাৎপৰ্যপূৰ্ণ যে পলিথিন ব্যৱহাৰে প্ৰদূষণ সৃষ্টি কৰি অহাৰ সময়তে নাৰ্ছাৰী খনত পলিথিনৰ পৰিবৰ্তে নাৰিকলৰ বাকলি ব্যৱহাৰৰ জৰিয়তে বীজ ৰোপণ কৰি প্ৰদূষণ ৰোধৰ বাবেও অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে বন বিষয়া গৰাকীয়ে। সম্প্রতি নাৰিকলৰ বাকলিত ২৫ শতাধিক বীজ ৰোপণ কৰাৰ লগতে তিনি হাজাৰৰো অধিক বাঁহৰ চুঙাত মূল্যবান গছৰ বীজ ৰোপণ কৰি সংৰক্ষণৰ ব্যবস্থা গ্ৰহণ কৰিছে। যাৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজৰ বাবে নাৰ্ছাৰীখন আকৰ্ষণ কেন্দ্ৰবিন্দু হৈ পৰিছে।খবৰ যুগুতালে  তিতাবৰৰ পৰা চিত্তকমল বেজবৰাই।

Leave A Reply

Your email address will not be published.