পশুধনৰ ঔষধ বিতৰণ

0 286

দেশত চলি থকা লকডাউনৰ ফলত গো পালককে ধৰি পশুপালকসকলে যাতে নিজৰ পশুধন সমূহ বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰিব পাৰে তাৰ কাৰণে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণী ৰাজ্যিক পশু চিকিৎসালয়ৰ জ্যেষ্ঠ পশু চিকিৎসক ডাঃ নাৰায়ণ দেউৰীয়ে কেতবোৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।
 
এই পদক্ষেপৰ অংশ হিচাপে ১৩এপ্ৰিলত ডাঃ নাৰায়ণ দেউৰীয়ে পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম মেঘালয় সীমান্তৰ জিমিৰিগাঁও আৰু মটাইখাৰৰ বান্ধেপাৰাত অৰ্দ্ধ শতাধিক গো পালককে ধৰি পশুপালকক সকলক ঔষধ বিতৰণ কৰে।
 
 
বিতৰণ অনুষ্ঠানত অঞ্চলটোৰ প্ৰাণেশ্বৰ ৰাভা আৰু সীমান্ত ৰাভাকে ধৰি কেবাগৰাকীও নেতৃস্থানীয় লোক, অঞ্চলটোৰ সমাজকৰ্মীদ্বয় বলেশ্বৰ ৰংগী আৰু প্ৰমোদ কলিতা, সাংবাদিকদ্বয় জয়ন্ত কলিতা আৰু জোন ৰাভাই সহযোগিতা আগবঢ়ায়।
 
 
ইয়াৰ উপৰিও ডাঃ নাৰায়ণ দেউৰীয়ে অঞ্চলটোৰ ২০টাকৈ পৰিয়াল খাদ্য সামগ্ৰীও বিতৰণ কৰে। আনহাতে তাত উপস্থিত থকা পশু পালকসকলে এই সময়ত গৰু, ছাগলী আৰু গাহৰিক কেনেদৰে ৰাখিব লাগে, কোনটো ঔষধ কেতিয়া আৰু কি বেমাৰত খুৱাব লাগিব, পশুধনৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানতাৰ লগতে ক’ৰণা ভাইৰাছৰ পৰা ৰক্ষা পাবৰ বাবে সামাজিক দূৰত্ব বজাই ৰাখিহে সকলো কাম কৰিবলৈ আহ্বান জনায় ডক্টৰ নাৰায়ণ দেউৰীয়ে।

Leave A Reply

Your email address will not be published.