পশুধন পালনৰ প্ৰশিক্ষণ সম্পন্ন

0 272

দক্ষিণ কামৰূপৰ উপৰহালীস্থিত অসম গ্ৰামীণ বিকাশ বেংক, গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানত যোৱা ১৪ মে’ৰ পৰা অনুষ্ঠিত দহ দিনীয়া হাঁহ, কুকুৰা পালন প্ৰশিক্ষণৰ আজি সামৰণী পৰে। এই উপলক্ষে প্ৰশিক্ষক তথা প্ৰতিষ্ঠানটোৰ সঞ্চালক দৰ্পন বৰাই সঞ্চালনা কৰা প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠানটোত জ্যেষ্ঠ সাংবাদিক বলেন কলিতাই উপস্থিত থাকি শিক্ষাৰ্থীসকলক উদ্দেশ্যি যিকোনো কৰ্ম এটি গঢ় দিবলৈ হলে নিজৰ মনোবল, দক্ষতা, জ্ঞান আদি থকাৰ লগতে বাণিজ্যিক ক্ষেত্ৰখনত কেনেদৰে আগবাঢ়িব লাগে আদি বিষয়ত ভাষণ দিয়ে। অনুষ্ঠানত বকো উন্নয়ণ খণ্ডৰ খণ্ড সমন্বয়ক অনুপম বৰঠাকুৰ উপস্থিত থাকি প্ৰশিক্ষাৰ্থীসকলক উক্ত প্ৰশিক্ষণৰ পৰা আহৰণ কৰা জ্ঞানৰে নিজাববীয়াকৈ ব্যৱসায় কৰি স্বাৱলম্বী হোৱাৰ লগতে আন দহজনকো এই সম্পৰ্কত জ্ঞান দিবলৈ আহ্বান জনায়। অনুষ্ঠানত বকো অঞ্চলৰ পৰা অহা প্ৰশিক্ষাৰ্থী গীতাৰাণী ৰাভাই উক্ত প্ৰশিক্ষণৰ পৰা বহুত উপকৃত হোৱা বুলি কৈ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সকলো বিষয় ববীয়াক কৃতজ্ঞতা জ্ঞাপন কৰে। কামৰূপ জিলাৰ বিভিন্ন অঞ্চলৰ ৩২ গৰাকী প্ৰশিক্ষাৰ্থীৰ মাজত প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠানত সাংবাদিক জীতুমণী দাসৰ লগতে অসম গ্ৰামীণ বিকাশ বেংক, স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ বিষয়ববীয়াসকল উপস্থিত থাকে। উক্ত অনুষ্ঠানৰ সমুহ কাৰ্যসূচীৰ আতধৰে প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষক প্ৰণৱ শৰ্মাই।

Leave A Reply

Your email address will not be published.