পশ্চিম গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱস উদযাপন

0 161

ৰাজ্যৰ আন সমষ্টিৰ দৰে অগপৰ পশ্চিম গুৱাহাটী সমষ্টি কমিটিৰ উদ্যোগত আৰু আজাৰা আঞ্চলিক কমিটিৰ সহযোগত আজি আজাৰা ৰাজহুৱা সভাঘৰ প্ৰাঙ্গনত অগপৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আৰু পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।
 
 
শ্বহীদ তৰ্পণ কৰে শ্বহীদ ৰমেশ মুৰাৰীৰ ভাতৃ – ভগ্নী ক্রমে হীৰা মুৰাৰী আৰু ভানু মুৰাৰীয়ে। স্মৃতি তৰ্পণ কৰে আজাৰা আঞ্চলিকৰ সাধাৰণ সম্পাদক চন্দ্ৰ কুমাৰ দাসে। আনহাতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত সভাত সভাপতিত্ব কৰে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই আৰু উদ্দেশ্য বাখ্যা কৰে সমষ্টি কমিটিৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰীয়ে। অগপৰ কামৰূপ জিলা কমিটিৰ সম্পাদক পৰেশ বৰুৱাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ প্ৰাক্তন ছাত্র নেতা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ তৰণী ডেকাই ভাষণ প্ৰসংগত আঞ্চলিক দল অবিহনে অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠী সমূহৰ অস্তিত্ব নাই বুলি তথ্য সহকাৰে সদৰি কৰি ১৯৮৫ চনৰ ১৪ অক্টোবৰত ৰাইজৰ উদ্যোগত অগপ দল জন্ম হোৱাটো অসমত আঞ্চলিকতাবাদৰ ইতিহাসত বাবে সদায় এক মাইলৰ খুটি হৈ ৰ’ব বুলি ব্যক্ত কৰে। সভাত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ভাষণত সৰ্বভাৰতীয় দলৰ লগত মিত্ৰতা থাকিলেও অসম আৰু অসমবাসীৰ স্বাৰ্থত অগপই কোনোদিনে আপোচ নকৰে বুলি ব্যক্ত কৰে। সভাত অসম মহিলা পৰিষদৰ সভানেত্ৰী লিলি বৈশ্য, দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক সুভাষ শৰ্মা, অগপ নেতা আব্দুল আজিজ, ৰামচৰাণী জিলা পৰিষদৰ সদস্য স্বপ্নালী দাস , কাহিকুছি গাঁও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া , আঞ্চলিক পঞ্চায়তৰ সদস্য ৰজিদা বেগমকে ধৰি সমষ্টিৰ অগপৰ ৮ খন ৱাৰ্ড আৰু ৮ খন আঞ্চলিক কমিটিৰ কৰ্মকর্তা , দলৰ সহস্ৰাধিক কৰ্মী উপস্থিত থাকে।
 
সভাত আগন্তক বিধানসভা নিৰ্বাচনত মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী হিচাপে ৰমেন্দ্ৰ নাৰায়ণ কলিতাক বিপুল ভোটত বিজয়ী কৰাৰ বাবে কর্মী সকলে সংকল্প গ্ৰহণ কৰে । ইয়াৰ উপৰি বিয়লি সভাৰ অন্তত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কৰ্মী সকলৰ সৈতে এক অন্তৰংগ আলাপ অনুষ্ঠানত ভাগ লয়। অনুষ্ঠানৰ আঁত ধৰে সুভাষ শৰ্মাই ।
খবৰ যুগুতালে জিতুমণি দাসে..

Leave A Reply

Your email address will not be published.