পশ্চিম গুৱাহাটীত বি জে পি নেতাৰ উদ্যোগত কৃষকক টৰ্চ লাইট বিতৰণ

0 177

পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণী উন্নয়ন খণ্ডৰ দক্ষিণ ভোলাগাঁও পঞ্চায়তৰ অধীনৰ অসম মেঘালয় সীমান্তৰ বেছিকৈ বনৰীয়া হাতীৰ বিচৰণথলী হিচাপে পৰিচিত মাতাইখাৰ আৰু জিমিৰগাঁওৰ কৃষক সকলক কিছু সহায় কৰিবলৈ আগবাঢ়ি আহিছে বি জে পি দলৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ সম্পাদক প্ৰভাৰী বলেশ্বৰ ৰংপী। ইয়াৰ অংশ হিচাপে ১৭ অক্টোবৰত মাতাইখাৰ আৰু জিমিৰগাঁওত প্ৰথম পৰ্যায়ত হাতী খেদাত সহায়ক হোৱাকৈ ১০ জন কৃষকক উচ্চক্ষমতা সম্পন্ন টৰ্চলাইট বিতৰণ কৰে বলেশ্বৰ ৰংপীয়ে।
 
 
এই উপলক্ষে খেতি পথাৰত কৃষকক টৰ্চ বিতৰণ অনুষ্ঠানত বি জে পি ৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক প্ৰশান্ত মহন্ত , বুথ কমিটিৰ সভাপতিদ্বয় হীৰেন ৰাভা আৰু মহেশ ৰাভাকে ধৰি দলৰ কেইবাজনো নেতা কৰ্মী উপস্থিত থাকে । আনহাতে পৱিত্ৰ কাতি বিহুৰ দিনা টৰ্চলাইট বিতৰণ কৰা বাবে অঞ্চলটোৰ সকলো সচেতন লোকে বলেশ্বৰ ৰংপীক শলাগ লৈছে । উল্লেখযোগ্য যে কাতি বিহুৰ সময়ত ধানৰ থোক তথা গজালি মেলাৰ সময়ত বনৰীয়া হাতীয়ে ধান খাবলৈ আহে । যাৰ বাবে ৰাইজে নিশাৰ ভাগত পহৰা দি জুই বা টৰ্চৰ পোহৰৰ সহায়ত হাতী খেদিব লগীয়া হয় ।

Leave A Reply

Your email address will not be published.