পশ্চিম গুৱাহাটীৰ অসম মেঘালয় সীমান্তবৰ্তী অঞ্চলৰ ক’ভিড আক্ৰান্ত পৰিয়ালক বিধায়কৰ নিৰ্দেশনাত অসম যুৱ পৰিষদৰ খাদ্য সামগ্ৰী বিতৰণ

0 284

পশ্চিম গুৱাহাটী সমষ্টিৰ অসম – মেঘালয় সীমান্তৰ ৰাণী উন্নয়ন খণ্ডৰ দক্ষিণ ভোলাগাওঁ গাঁও পঞ্চায়তৰ অন্তৰ্গত জিমিৰগাঁও , শালসেৰ আৰু মাটাইখাৰ অঞ্চলত ক’ভিড আক্ৰান্ত ৩০ টা পৰিয়ালক অসম যুৱ পৰিষদৰ পশ্চিম গুৱাহাটী সমষ্টি কমিটিয়ে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নিৰ্দেশ মৰ্মে দেওবাৰে খাদ্য সামগ্ৰী বিতৰণ কৰে । অগপৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক সুভাষ শৰ্মা , পশ্চিম গুৱাহাটী সমষ্টি কমিটিৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰী , সহকাৰী সম্পাদক ৰুবুল বৈশ্য , পৰিষদৰ সমষ্টি কমিটিৰ সভাপতি বিপুল কুমাৰ দাস , সাধাৰণ সম্পাদকদ্বয় গৌতম কলিতা আৰু পংকজজ্যোতি দাস , জয়ন্ত কলিতা , প্ৰাণেশ্বৰ ৰাভা , চবিন চন্দ্ৰ নাথ , ৰুবুল চৌধুৰী , কন্দৰ্প ৰাভা , কনক কলিতাকে ধৰি দক্ষিণ ভোলাগাওঁ আঞ্চলিক কমিটিৰ বিষয়ববীয়া সকলে কনটেণ্টমেণ্ট জনৰ বাহিৰত থকা ক’ভিড আক্ৰান্ত পৰিয়াল কেইটাক চাউল , দালি , মিঠাতেল , আলু , পিয়াজ , নিমখ , গাখীৰ , বিস্কুটকে ধৰি একোটাকৈ খাদ্য সামগ্ৰীৰ টোপোলা প্ৰদান কৰে । উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ক’ভিডৰ গণ সংক্ৰমণ হোৱা বাবে প্ৰশাসনে অঞ্চলটোৰ মাটাইখাৰ মিলনপুৰ , আৰু পাটগাওঁক কনটেণ্টমেণ্ট জন হিচাপে ঘোষণা কৰিছিল । কিন্তু কনটেণ্টমেণ্ট জনৰ সকলো বাসিন্দাৰ নিগেটিভ অহা বাবে অবৰুদ্ধ ক্ষেত্ৰৰ নিষেধাজ্ঞা প্রত্যাহাৰ কৰা হৈছে । আনহাতে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা , কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক , ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন , পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ধৃতিমান দাস , পলাশবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যেন্দ্ৰ সিং হাজাৰী , গুৱাহাটীৰ সাংসদ কুইন ওজাৰ নিৰ্দেশত বিজেপি নেতা প্ৰশান্ত মহন্তৰ নেতৃত্বত বিজেপি কৰ্মীৰ এটা দলেও কনটেণ্টমেণ্ট জনলৈ আহি বাসিন্দা সকলৰ বুজ লোৱাৰ লগতে তেওঁলোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিছিল । সমান্তৰালভাবে বিধৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ তৎপৰতাত মাটাইখাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত সকলো বাসিন্দাৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে।

Leave A Reply

Your email address will not be published.