পশ্চিম মাছখোৱাক সামৰি সুকীয়া ৰাজহ চক্ৰ ,উন্নয়ন খণ্ড ঘোষণাৰ দাবী  বিজেপিৰ

0 252

বিধানসভা সমষ্টি ভিত্তিক ভাৱে ধেমাজি সমষ্টিৰ অন্তৰ্গত আৰু প্ৰশাসনিক ভাৱে লখিমপুৰ জিলা প্ৰশাসনৰ  অধীনস্থ  বৃহত্তৰ পশ্চিম মাছখোৱা অঞ্চলক সামৰি এটা  সুকীয়া  উন্নয়ন খণ্ড আৰু হাৰ্হি , শিঙিয়া,গন্ধিয়া , ধেনুখনা বাটমাৰী  পঞ্চায়তযুক্ত মাছখোৱা মৌজাক  সামৰি এটা পৃথক ৰাজহ চক্ৰ ঘোষণাৰ আহ্বান জনাইছে  ভাৰতীয় জনতা পাৰ্টিয়ে । তাৰোপৰি ৰাজনৈতিকভাৱে আৰু প্ৰশাসনিক ভাৱে  দুটা পৃথক সমষ্টি আৰু জিলাৰ অন্তৰ্গত হোৱাৰ বাবে  যুগ যুগ ধৰি  ভুগি আহিব লগা হোৱা অবৰ্ণনীয় আৰু সীমাহীন জটিলতাৰ স্থায়ী  উপশমৰ  স্বাৰ্থত ৰাজ্য চৰকাৰে   সমাগত বিধানসভা সমষ্টিৰ সীমা পুনৰনিৰ্ধাৰণৰ সময়ত বিধিগতভাৱে এই বৃহত্তৰ অঞ্চলটোৰ নাগৰিকক একেটা  সমষ্টি আৰু একেখন  জিলাৰ অন্তৰ্ভুক্ত কৰাৰো আহ্বান জনাইছে ধেমাজি জিলা বিজেপিৰ অন্তৰ্গত হাৰ্হি মণ্ডল বিজেপি সমিতিয়ে ।  দেওবাৰে ধেমাজি  জিলা বিজেপিৰ অধীনস্থ  হাৰ্হি মণ্ডল বিজেপিৰ তৃতীয় কাৰ্যনিৰ্বাহক সভাত এনেবোৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰি  দলৰ শীর্ষ নেতৃত্ব আৰু মুখ্যমন্ত্ৰীলৈ প্ৰেৰণৰ সিদ্ধান্ত কৰে।  দেওবাৰে দিন জোৰা কৈ  গন্ধিয়া তিনিআলিত অৱস্থিত মণ্ডলৰ নিজা কাৰ্যালয় প্ৰাংগনত ক`ভিড প্ৰটকল মানি ,ক`ভিড নিগেটিভ প্ৰমাণ পত্ৰ যুক্ত  মণ্ডল সমিতিৰ কাৰ্যকৰ্তা সকলৰ উপস্থিতিত কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হয়। মণ্ডল সভাপতি প্ৰণবজিত গগৈৰ সঞ্চালনাত অনুষ্ঠিত সভাত জিলা বিজেপিৰ উপ সভাপতি  ৰিজু বৰুৱা , জিলা সামাজিক মাধ্যম শাখাৰ নৱনিযুক্ত আহ্বায়ক, অতুল চমুৱা , মণ্ডলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা দীপ্তি চুতীয়া  ,  বুলুমনি শইকীয়া ,লক্ষী নন্দন শইকীয়া
আদিৰ লগতে প্ৰায় ৩০ গৰাকী কাৰ্যকৰ্তা  উপস্থিত থাকি দলৰ সাংগঠনিক  ভেঁটি  সুদৃঢ়কৰণ আৰু জনমুখী কৰণ,   চৰকাৰৰ কল্যাণকামী আঁচনি  সমূহৰ সফল আৰু সঠিক ৰূপায়ন, সামাজিক মাধ্যমৰ সদব্যৱহাৰ সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয় ।  সভাত  ধেমাজিত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ  ঘোষণা আৰু পুঁজি নিৰ্ধাৰণৰ লগতে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা  জনহিতৈষী আঁচনিৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ধন্যবাদ সূচক প্ৰস্তাৱ গ্ৰহণ কৰি অনাগত সময়ত প্ৰস্তাৱিত এই চিকিৎসা মহাবিদ্যালয়ৰ বিভিন্ন পদত নিযুক্তিৰ ক্ষেত্ৰত  হাৰ্হি মণ্ডলৰ যোগ্য ,শিক্ষিত নিবনুৱা সকলক অগ্ৰাধিকাৰ দিয়াৰ আহ্বানেৰে  প্ৰস্তাৱ গ্ৰহণ কৰা হয়। দলীয় পতাকা উত্তোলন , শোক সভা অনুষ্ঠিতকৰণৰ পাছতে আদৰণি ভাষণ আগবঢ়াই মণ্ডল সভাপতি প্ৰণৱজিত গগৈয়ে । সভাত সামাজিক মাধ্যমৰ ইতিবাচক ব্যৱহাৰ আৰু এখন প্ৰগতিশীল সমাজ গঠনত  ইয়াৰ প্ৰভাৱ সন্দৰ্ভত  বিস্তৃত আলোকপাত কৰে জিলা সামাজিক মাধ্যম কোষৰ আহ্বায়ক অতুল চমুৱাই।  বাতৰি যুগুতালে  ঢকুৱাখনাৰ পৰা অমৃত পৱন  বৰাই।

Leave A Reply

Your email address will not be published.