আগন্তক দুৰ্গা পূজা উদযাপনকে ধৰি ৰাইজৰ বিভিন্ন সমস্যা আলোচনা কৰি তাক সমূহীয়াভাবে সমাধান কৰাৰ লক্ষ্যৰে গুৱাহাটীৰ জালুকবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৪ নং ৱাৰ্ডৰ নাগৰিক সমিতিৰ এখন সভা ২১ ছেপ্টেম্বৰত সন্ধিয়া পাণ্ডুৰ আমেৰিকান কলনীৰ দুৰ্গা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হৈ যায় । ৱাৰ্ডৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অৰ্দ্ধ শতাধিক প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে সমিতিৰ সভাপতি নিমাই চন্দ্ৰ দাসে আৰু উদ্দেশ্য ব্যাখ্যা কৰে যুটীয়া সম্পাদক বিকাশ দাসে । সভাত উপস্থিত কেবাজনেও ৱাৰ্ডত অনুষ্ঠিত লবলগীয়া আগন্তক দুৰ্গা পূজা কিদৰে চৰকাৰী নীতি – নিৰ্দেশনা, ক’ভিড বিধি অনুসৰি কিদৰে উদযাপন কৰিব পাৰি ,খোৱাপানী , বাটপথকে ধৰি স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা উন্নয়নমূলক কামকাজ সমূহত সহযোগিতা আগবঢ়োৱা আদি বিষয়ৰ ওপৰত আলোকপাত কৰে । তেনেদৰে জালুকবাৰী সমষ্টিটোক সৰ্বাংগীন বিকাশৰ বাবে ডঃ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা সপোনৰ জালুকবাৰীক যথাৰ্থ ৰূপ দিয়াৰ কেবাজনো বক্তাই ৱাৰ্ডবাসীক আহ্বান জনায় । শেষত শলাগৰ শৰাই আগবঢ়াই সমিতিৰ যুটীয়া সম্পাদক ৰূপন চক্ৰৱৰ্তীয়ে ।
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ