পুনৰ বাৰ বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন সপক্ষে বলিষ্ঠ মতদানৰ বাবে সমূহ অসমবাসীক মুখ্যমন্ত্ৰীৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন

0 229

বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটৰ দল সমূহৰ প্ৰাৰ্থীসকলক বিপুল ভোটত জয়যুক্ত কৰি পুনৰবাৰ ৰাজ্য খনত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠনৰ দিশত সবল জনমত প্ৰদানৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমূহ অসমবাসীকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।
আজি এক বিবৃতিৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে কয় যে এই জয় অসমৰ জনসাধাৰণৰ জয়।ভাল কামৰ ফলাফল সদায় ভাল হয় বুলি উল্লেখ কৰি তেওঁ কয় যে বিগত সময়ত বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰাজ্য খনৰ বৰাক-ব্ৰক্ষ্মপুত্র পাহাৰ ভৈয়ামৰ জাতি-ধৰ্ম-ভাষা-বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ জনসাধাৰণৰক আস্থা আৰু বিশ্বাসত লৈ ৰাজ্য খনৰ সামগ্ৰিক উত্তৰণৰ বাবে যেনে ধৰণৰ কাম কাজ কৰিছিল এই নিৰ্বাচনৰ ফলাফলে তাকেই প্ৰমাণ কৰাৰ লগতে চৰকাৰখনৰ জনসাধাৰণৰ মাজত থকা জনপ্ৰিয়তাকে পুনৰ বাৰ প্ৰতিপন্ন কৰিছে।মুখ্যমন্ত্ৰীয়ে লগতে বিগত ৫ বছৰ চৰকাৰখনক সকলো সময়তে অকুণ্ঠ সহযোগিতা আগবঢ়াই এক গতিশীল চৰকাৰ হিচাপে আগবঢ়াই নিয়াৰ দিশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ,বিজেপি ৰাষ্ট্ৰীয় সভাপতি জে পি নাডাকে ধৰি কেন্দ্ৰীয় মন্ত্ৰী মণ্ডলীৰ প্ৰতিগৰাকী সদস্যকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।মুখ্যমন্ত্ৰীয়ে লগতে বিজেপি সমূহ কৰ্মকর্তা,মিত্ৰদল অগপ,ইউ পি পি এলৰ নেতৃবৃন্দৰ লগতে কৰ্মকর্তাকো আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.