পুনৰ মুকলি হ’ল গুৱাহাটী তাৰকা গৃহ

0 269

দৰ্শনাৰ্থীৰ বাবে পুনৰ মুকলি হৈছে গুৱাহাটী তাৰকাগৃহ।তাৰকাগৃহৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়াৰে পৰা পুনৰ আগৰ দৰেই তাৰকাগৃহত দর্শকে মহাকাশৰ তথ্য সমৃদ্ধ ঘটনাৱলী প্ৰত্যক্ষ কৰাৰ সুবিধা পাব।
উল্লেখযোগ্য যে গুৱাহাটী তাৰকাগৃহত শেহতীয়াকৈ ১২.৪২ কোটি টকা ব্যয় কৰি এটা মাল্টি এক্টিভিটি চেণ্টাৰ গঢ়ি তোলা হৈছে।এই মাল্টি এক্টিভিটি চেণ্টাৰত ডি-থিয়েটাৰৰ সুবিধা থকাৰ লগতে ভাৰ্চুৱেল ৰিয়েলিটি লেব,টিংকেৰিং লেব আদিও আছে।
দেশৰ ভিতৰতে এটা আগশাৰীৰ তাৰকাগৃহ হিচাপে পৰিগণিত হোৱা গুৱাহাটী তাৰকাগৃহ জাপানৰ প্ৰযুক্তি ব্যৱহাৰ কৰি ছবি প্ৰদৰ্শন কৰা হয়।উল্লেখযোগ্য যে ক’ভিড কেন্দ্ৰিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যোৱা ৯মাহ ধৰি তাৰকাগৃহ বন্ধ হৈ আছিল।

Leave A Reply

Your email address will not be published.