পুৰণা পেঞ্চন নীতি পুনৰ প্ৰৱৰ্তনৰ বাবে চৰকাৰক আহ্বান এন পি এছৰ

0 241

ৰাজ্য চৰকাৰৰ এন পি এছ কৰ্মচাৰী সকলে এন পি এছৰ ভয়াৱহতা উপলদ্ধি কৰি এন পি এছ ব্যৱস্থা বাতিল কৰিবৰ বাবে বিভিন্ন সময়ত চৰকাৰক আহ্বান জনাই আহিছে। শেহতীয়া ভাৱে ৰাজ্যৰ সকলো জিলা আৰু মহকুমা স্তৰত এন পি এছ কৰ্মচাৰী সকল সংগঠিত হৈ চৰকাৰৰ বিষয়া, কৰ্মচাৰী, আৰু শিক্ষক শিক্ষয়িত্ৰী সকলক বাধক্য জীৱন সুৰক্ষিত কৰিবলৈ আহ্বান জনায় আহিছে।
এজন বিষয়া,শিক্ষক,কৰ্মচাৰী জীৱনৰ আধা সময় চৰকাৰী সেৱাত ব্ৰতী থকাৰ পিছতো অৱসৰৰ পিছত সুৰক্ষিত অনুভৱ নকৰাৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰক শীঘ্ৰে পুনৰ পুৰণা পেঞ্চন নীতি ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ আহ্বান জনায়।
নতুন পেঞ্চন নীতি বাতিল কৰক,পুৰণি পেঞ্চন নীতি বাহাল ৰাখক শীর্ষক দাবীয়ে একেলগে হোৱা কামৰূপ মহানগৰ জিলাৰ বিভিন্ন বিভাগৰ প্ৰায় ২০০ বিষয়া,শিক্ষক,কৰ্মচাৰী উপস্থিতিত সভাপতি আজলী ভূঞা আৰু সম্পাদক উৎপল পাঠক,চম্পক ঠাকুৰীয়াৰ নেতৃত্বত ২৫ জনীয়া এখন শক্তিশালী সমিতি গঠন কৰা হয়।সমিতিয়ে প্ৰথম কাৰ্যসূচী হিচাপে অতিশীঘ্ৰে ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি পুৰণা পেঞ্চন নীতি বাহাল ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে ডি চি আৰ জি চলিত বর্ষতে ঘোষণা কৰিবলৈ স্মাৰক পত্ৰ প্ৰদান কৰিব।
আজিৰ সভাত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ প্ৰধান সম্পাদক পাৰ্থ হাজৰিকাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সকলো এন পি এছ কৰ্মচাৰীকে এই সংগ্ৰামখনত জড়িত হ’বলৈ আহ্বান জনায়।

Leave A Reply

Your email address will not be published.