পূৰ্ণ চেতিয়া ফুকন আৰু শিক্ষাবিদ ৰাধিকা প্ৰসাদ ফুকন সোঁৱৰণি শৈক্ষিক বঁটা প্ৰদান

0 188

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দিচাংপানী আঞ্চলিক সমিতিয়ে প্ৰতিবছৰে প্ৰদান কৰি অহা সমাজসূধা প্ৰয়াত পূৰ্ণ চেতিয়া ফুকন শৈক্ষিক বঁটা আজি চৰাইদেউ জিলাৰ ধেমাজি দিচাংপানী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ পৰা সৰ্বোচ্চ নম্বৰ লাভ কৰি উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা বিশ্ৰামপুৰ জাতীয় বিদ্যালয়ৰ মেধাৱী ছাত্ৰ অনিশ কৌশিক ফুকনক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় ৷
 
 
মাহমৰাৰ মৰাণজান গাঁৱৰ মেধাৱী ছাত্ৰগৰাকীৰ বাসগৃহত আজি বিয়লি যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াসকলে মেধাৱী ছাত্ৰগৰাকীক ফুলাম গামোচা, গ্ৰন্থৰ টোপোলা, প্ৰশস্তি পত্ৰ আৰু নগদ দুহাজাৰ এশ টকা প্ৰদান কৰে ৷ বঁটা প্ৰদান অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক টেপুৰাম ফুকন আৰু বিশ্ৰামপুৰ শাখা সাহিত্য সভাৰ সভাপতি ভূপেন বৰুৱাই বিশিষ্ট শিক্ষাবিদ, সমাজসূধা পূৰ্ণ চেতিয়া ফুকনৰ জীৱন-কৰ্ম সন্দৰ্ভত আলোকপাত কৰে৷
 
 
অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, চৰাইদেউ জিলা সমিতিৰ সভাপতি ৰাজীৱ ৰাজকোঁৱৰ, চৰাইদেউ জিলা সাহিত্য সভাৰ উপ-সভাপতি নিৰঞ্জন ফুকন উপস্থিত থাকি বক্তব্য প্ৰদান কৰে৷ পৰিষদৰ দিচাংপানী আঞ্চলিক সমিতিৰ উপদেষ্টা পংকজ মহনে আঁত ধৰা অনুষ্ঠানত পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ উপদেষ্টা সভা ফুকন, যুটীয়া সম্পাদক পল্লৱ শৰ্মা, সাংগাঠনিক সম্পাদক চন্দন চেতিয়া, দিচাংপানী আঞ্চলিক সমিতিৰ সভাপতি ক্ষীৰোদ বৰুৱা, সম্পাদক অভিজিত বৰুৱা, মাহমৰা প্ৰেছ ক্লাৱৰ ভাৰপ্ৰাপ্ত সভাপতি সঞ্জয় নেৱাৰ, সম্পাদক নিৰঞ্জন শইকীয়া, মৰাণ প্ৰেছ ক্লাৱৰ সম্পাদক কৰুণা ফুকন, বিশিষ্টা সমাজসেৱিকা অমিয়া ফুকনকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি আৰু যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়া সকল উপস্থিত থাকে৷
 
 
উক্ত অনুষ্ঠানতে মেধাৱী ছাত্ৰ অনিশ কৌশিক ফুকনক বৃহত্তৰ মাহমৰা অঞ্চলৰ আন এগৰাকী বিশিষ্ট শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত শিক্ষক ‘প্ৰয়াত ৰাধিকা প্ৰসাদ ফুকন শৈক্ষিক বঁটা’ প্ৰদান কৰা হয় ৷ প্ৰয়াত ৰাধিকা প্ৰসাদ ফুকনৰ পৰিয়ালবৰ্গৰ হৈ বিশ্ৰামপুৰ শাখা সাহিত্য সভাই প্ৰদান কৰা এই শৈক্ষিক বঁটাত আছে এখন প্ৰশস্তি পত্ৰ, ফুলাম গামোচা, গ্ৰন্থৰ টোপোলা আৰু নগদ ধন ৷ শাখা সাহিত্য সভাৰ হৈ সভাপতি ভূপেন বৰুৱা আৰু পৰিয়ালবৰ্গৰ হৈ টেপুৰাম ফুকনে মেধাৱী ছাত্ৰগৰাকীক উক্ত বঁটা প্ৰদান কৰে ৷

Leave A Reply

Your email address will not be published.