প্রধানমন্ত্রীৰ উচ্চস্তৰীয় বৈঠক সম্পন্ন

0 200

আফগানিস্তানৰ পৰিস্থিতিক লৈ আজি এক উচ্চস্তৰীয় বৈঠকত মিলিত হয় প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ প্রধানমন্ত্রীৰ বাসভৱনত আজি অনুষ্ঠিত বৈঠকত আফগানিস্তান তালিবানে সম্পূর্ণ দখল কৰা আৰু পাকিস্তানৰ আই এছ আইৰ সৈতে তালিবানৰ বৈঠকক লৈ বিতং আলোচনা কৰা হয়৷
বৈঠকত কেন্দ্রীয় প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিং, গৃহমন্ত্রী অমিত শ্বাহ, বৈদেশিকমন্ত্রী এছ জয়শংকৰ, বিত্তমন্ত্রী নির্মলা সীতাৰমণ, ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে অংশগ্রহণ কৰে৷ আফগানিস্তানৰ ৰাজধানী কাবুল সম্পূর্ণ নিয়ন্ত্রণলৈ অনাৰ পিছতো তালিবানে এতিয়ালৈকে আনুষ্ঠানিকভাৱে চৰকাৰ গঠন নকৰা বিষয়টোৰ ওপৰত বৈঠকত আলোচনা কৰা হয়৷উল্লেখ্য যে কাটাৰৰ ৰাজধানী দোহাস্থিত ভাৰতীয় ৰাষ্ট্রদূত দীপক মিট্টলৰ সৈতে তালিবানৰ ৰাজনৈতিক কার্যালয়ৰ মুৰব্বীয়ে বৈঠকত মিলিত হোৱাৰ পিছত তালিবানে কাশ্মীৰৰ মুছলমানৰ অধিকাৰৰ হকে মাত মাতি যাব বুলি নতুন দিল্লীত এক প্রকাৰ সকীয়নি দিছিল৷ এই সকীয়নিক নতুন দিল্লীয়ে এই কাৰণেই গুৰুত্ব দিবলগীয়া হৈছে যে তালিবানে আফগানিস্তানত নতুন চৰকাৰ গঠন কৰাক লৈ পাকিস্তানৰ আই এছ আয়ে গুৰুত্বপূর্ণ ভূমিকা লোৱা বুলি সংবাদ মাধ্যমত প্রকাশ পাইছে৷ ইতিমধ্যে তালিবানেও পাকিস্তানৰ আই এছ আইৰ সৈতে বৈঠকত মিলিত হোৱা বুলি স্বীকাৰ কৰিছে৷ এনে পৰিস্থিতিক লৈ প্রধানমন্ত্রী উচ্চস্তৰীয় বৈঠকত মিলিত হয়৷

Leave A Reply

Your email address will not be published.