প্লাষ্টিক প্ৰদূষণ ৰোধৰ অন্যতম উপায় অৱলম্বন কৰি নলবাৰী খুৰছেদ আলীয়ে বিশেষভাৱে চৰ্চা লাভ কৰিছে ।নলবাৰী ২নং লাৰকুছিৰ খুৰছেদে পে’ট্ৰল, ডিজেল সদৃশ ইন্ধন উদ্ভাৱন কৰি পৰীক্ষণমূলকভাৱে সফলতা লাভ কৰিছে ।উল্লেখযোগ্য যে খুৰছেদে প্ৰস্তুত কৰা ইন্ধন বাইক, টেম্পোত ব্যৱহাৰ হৈছে বুলি জানিব পৰা গৈছে ।প্ৰায় এমাহ জোৰা প্ৰস্তুতিৰে খুৰছেদে এই সফলতা লাভ কৰিছে বুলি জানিবলৈ দিছে।স্মতৰ্ব্য যে ইউটিউৱৰ এটা ভিডিঅ’ চাই খুৰছেদে এনেধৰণৰ ইন্ধন প্ৰস্তুত কৰাৰ বাবে ধাৰণা লাভ কৰিছিল ।এই ইন্ধন উদ্ভাৱনৰ পিছতেই বিভিন্ন লোকে খুৰছেদৰ ঘৰত ভিৰ কৰা পৰিলক্ষিত হৈছে ।খুৰছেদৰ উদ্ভাৱনে পৰীক্ষণমূলক লাভ কৰা সফলতাই আশাৰ বতৰা কঢ়িয়াই আনিছে।সহযোগ কৰিলে নলবাৰীৰ পৰা কল্যাণ কলিতা আৰু সংগীতা মেধিয়ে।
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন