প্ৰতিষ্ঠা দিৱস উদযাপন

0 268

লক ডাউনৰ মাজতে যোৰহাট জিলাৰ টীয়কৰ অন্যতম অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান ৰেণু বড়া মে’মৰিয়েল একাডেমিৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অনুষ্টুপীয়াকৈ পালন কৰা হয়।
 
চৰকাৰী সকলো নীতি নিৰ্দেশনা অৱলম্বন কৰি কনিষ্ঠ মহাবিদ্যালয়খনৰ অধ্যক্ষ কুলধৰ বৰাই পতাকা উত্তোলন আৰু তাৰ পাছত স্মৃতি তপৰ্ণ কৰে সঞ্চালক প্ৰাণ কমল বড়াই।উক্ত কাৰ্যসূচীত মহাবিদ্যালয়ৰ দাঁতিকাষৰীয়া কেইজন মান প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা শিক্ষক উপস্থিত থাকে। সকলোকে চৰকাৰী নিৰ্দেশনা তথা সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনাই সঞ্চালকগৰাকীয়ে।
খবৰ যুগুতালে টীয়কৰ পৰা অমৃত দত্তই..

Leave A Reply

Your email address will not be published.