প্ৰতিষ্ঠা দিৱস উদযাপন

0 234

টীয়কৰ অন্যতম আধুনিক শিক্ষাৰ বাটকটীয়া টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ দ্বিষষ্টিতম প্ৰতিষ্ঠা দিৱসৰ লগতে শিক্ষক দিৱস দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়।প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অসমৰ অন্যতম ঢোলৰ ওজা শিল্পী বলাই ওজাক ৰাজহুৱাভাৱে বিশেষ সম্বৰ্দ্ধনা জনোৱাৰ লগতে নগদ ১০০০০ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰা হয় আৰু শিক্ষক দিৱস উপলক্ষ্যত মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰী তথা কৰ্মচাৰীসকলৰ লগতে অঞ্চলৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা শিক্ষাবিদক সন্মান জনোৱা হয়।ইপিনে দেশৰ অন্য স্থানৰ লগতে টীয়কতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত শিক্ষক দিৱস উদযাপন কৰা হয়।টীয়কৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় শংকৰ আজান বিদ্যালয়ৰ তৰফৰ পৰা বিশিষ্ট শিক্ষক প্ৰয়াত হীৰেন বৰুৱা সোঁৱৰণী আদৰ্শ বঁটা অঞ্চলৰ অন্যতম কৃতি শিক্ষক ৰমেন বৰুৱাক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।ইপিনে
কাব্যানুষ্ঠান শিকলিৰ উদ্যোগত ২০২০ বৰ্ষৰ “প্ৰয়াত চন্দ্ৰকান্ত হাজৰিকা আৰু পুতু হাজৰিকা সোঁৱৰণী টীয়কপৰীয়া সাহিত্য বঁটা” টি টীয়কৰ অন্যতম বিশিষ্ট শিক্ষাবিদ তথা লেখক ড° ভাৰত বৰাক এক গুৰুগাম্ভীৰ্য অনুষ্ঠানত টীয়কৰ সাহিত্যনুৰাগী মহলৰ উপস্থিতত প্ৰদান কৰা হয়।
বাতৰি যুগুতালে টীয়কৰ পৰা উৎপল খাউণ্ডে

Leave A Reply

Your email address will not be published.