প্ৰথম বাৰলৈ ভাৰ্চুৱেলী মন্ত্ৰালয়ৰ দ্বাৰা অনুষ্ঠিত হ`ল ডিজিটেল মেডিয়াৰ কৰ্মশালা

0 242

Digital media Ethics code শীৰ্ষক এখন কৰ্মশালা আজি ভাৰ্চুৱেলি অনুষ্ঠিত হয়। তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰালয়ৰ অধীনত অনুষ্ঠিত হোৱা এই কৰ্মশালা খন আয়োজন কৰে পি আই বিয়ে ।কৰ্মশালা খনত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ ডিজিটেল মেডিয়াৰ সাংবাদিক সকলে অংশগ্ৰহণ কৰে।এই সম্পৰ্কে তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰালয়ৰ যুটীয়া সচিব বিক্ৰম কয় অভিযোগ নিস্পত্তিৰ প্ৰণালী হৈছে ডিজিটেল মেডিয়াৰ এথিক ক’ড ২০২১ ৰ বৰ্ষৰ মূল বিষয়। আৰু সৰ্বসাধাৰণৰ সহায়ৰ বাবে নাগৰিক কেন্দ্ৰিয় নিয়ম হিচাপে প্ৰস্তুত কৰা হৈছে।ডিজিটেল মেডিয়া নিউজ প্ৰকাশ নীতি সৈতে জড়িত মূল বৈশিষ্ট্য সমূহৰ ওপৰত প্ৰাধান্য দি কয় যে বিভিন্ন ধৰণৰ ৰাইজৰ প্ৰতিনিধি উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয় বিচাৰ আৰু মতামতৰ জৰিয়তে অহা গোচৰ সমূহৰ ওপৰত ধ্যান ৰাখি এই নীতি প্ৰস্তুত প্ৰয়োজনীয় হৈ পৰিছে।আৰু নতুন নীতি সমূহে সঠিক অভিযোগ নিস্পত্তি ব্যৱস্থা ,সুনিশ্চিত কৰিব বুলি তেখেতে কয়।
আনহাতে পৰ্টেল পঞ্জীয়ন সম্পৰ্কে ডিজিটেল মেডিয়াৰ লগত জৰিত সকলক কয় যে সচৰাচৰ চলি থকা মেডিয়া নিচিনাকৈ নীতি সমূহ প্ৰযোজ্য হ`ব। চলিত নিয়ন্ত্ৰক বডীৰ লগত জৰিত হোৱাৰ পৰিৱৰ্তে ডিজিটেল মেডিয়া সমূহ একেলগে স্বনিয়ন্ত্ৰক
বডী গঠন কৰিব পাৰে।আনহাতে পৰ্টেল পঞ্জীয়ন সম্পৰ্কে কয় online news portal বাবে পঞ্জীয়ন জৰুৰী নহয় তথাপি চৰকাৰৰ ওচৰত তথ্য থাকিবৰ বাবে প্ৰকাশক প্ৰাথমিক তথ্য সমূহ নিৰ্ধাৰিত ফৰ্মত জমা দিয়াটো বাঞ্চনীয় ।
আনহাতে তথ্য আৰু সম্প্ৰচাৰণ বিভাগৰ অতিৰিক্ত সঞ্চালক এচ এন প্ৰধানে সকলোকে আদৰণি জনায় আৰু সমগ্ৰ বিষয়টোৰ সম্পৰ্কত আলোকপাত কৰে। সৰ্বসাধাৰণক বঞ্চিত নকৰাকৈ মন্ত্ৰালয়ে নীতিসমূহ প্ৰস্তুত কৰিছে বুলি তেখেতে জনায়।কৰ্মশালাত ৩০০ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.