প্ৰথম বৰ্ষত ভৰি দিলে সামাজিক গোট প্ৰীতে

1 285

চ’চিয়েল মেডিয়াৰ জড়িয়তে চিনাকী হোৱা এটি সামাজিক গোট প্ৰীতে আজি এটা বছৰ সম্পূৰ্ণ কৰে।অসমৰ কেইগৰাকীমান সমাজ সচেতন যুৱক যুৱতীৰ প্ৰচেষ্টাত সৃষ্টি হোৱা এই গ্ৰুপটোৱে জন্মলগ্নৰে পৰা অসমৰ বিভিন্ন ঠাইত ইতিবাচক কাম কৰি সচেতন মহলৰ হৃদয় জিনিবলৈ সক্ষম হৈছে।
 
 
সেউজীয়া পৃথিৱী গঢ়ি তোলাৰ লক্ষ্যৰে প্ৰীতৰ সদস্য সকলে ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত গছপুলি ৰোপন কাৰ্যসূচীৰ হাতত লোৱা পৰিলক্ষিত হৈছে।অসমৰ কেইবাখনো জিলাত সিঁচৰিত হৈ থকা প্ৰীতৰ সদস্য সকলে বানপানীৰ সময়ত বানাক্ৰান্ত সকলক সহায়ৰ হাত আগবঢ়োৱাৰ লগতে পদপথত আশ্ৰয় লৈ থকা ব্যক্তি সকলকো বস্ত্ৰ বিতৰণৰ লগতে খাদ্য সামগ্ৰী বিতৰণ কৰি আহিছে।
 
 
 
 
গ্ৰন্থ আন্দোলন গঢ়ি তোলাৰ প্ৰচেষ্টাৰে বিভিন্ন অঞ্চলত গ্ৰন্থ দান কাৰ্যসূচী হাতত লোৱাৰ লগতে টীয়কত অৱস্থিত কেন্দ্ৰীয় পুথিভঁৰালৰ পৰিচালনাৰ দায়িত্ব হাতত লৈ প্ৰীতে বিগত দিনত পুথিভঁৰালটি পৰিচালনা কৰি আহিছে।অনাগত দিনটো প্ৰীতে সমাজৰ ইতিবাচক কাম কৰি এখন সুস্থ সমাজ গঢ়ি তুলিবলৈ চেষ্টা কৰিব বুলি প্ৰীতৰ বিষয়ববীয়াই জানিবলৈ দিয়ে।
খবৰ যুগুতালে লাহিঙৰ পৰা গোপাল কৃষ্ণ বাঢ়ৈয়ে প্ৰতিবেদন

1 Comment
  1. pranati saikia says

    Hundor

Leave A Reply

Your email address will not be published.