প্ৰধানমন্ত্ৰীয়ে টুইটাৰত প্ৰশংসা কৰিলে বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক

0 155

কালি মুখ্য মন্ত্ৰী পদৰ‌ পৰা বিদায় ল’লে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই বিদায়ী মুখ্য মন্ত্ৰী গৰাকীক টুইটাৰত উচ্চ প্ৰশংসা কৰিছে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে। তেখেতে এগৰাকী গুৰুত্বপূৰ্ণ সহকৰ্মী বুলি আখ্যা দি টুইটাৰত কয় যে “যোৱা ৫ টা বছৰত অসমৰ মানুহৰ গুৰি বঠা ধৰি সোণোৱালে ৰাজ্য খনৰ উন্নয়নত শীৰ্ষ স্থানত উপনীত কৰাইছিল। ৰাজ্যখনৰ প্ৰগতি আৰু বিকাশৰ লগতে ৰাজ্যখনত দলটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অপৰিসীম ৷”

টুইটত এইদৰে কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ফেচবুকত চেয়াৰ কৰা লগে লগে বহু অনুৰাগীয়ে শুভেচ্ছা জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.