প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে গুৱাহাটীৰ এগৰাকী ছাত্ৰীয়ে

0 185

দেশৰ প্ৰধানমন্ত্ৰীলৈ গুৱাহাটীৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীয়ে পত্ৰ লিখিছে।পত্ৰ খনত ছাত্ৰী গৰাকীয়ে পাঠ্যক্ৰমত আত্মৰক্ষা কৌশলৰ প্ৰশিক্ষণৰ অন্তৰ্ভুক্ত কৰিবলৈ প্ৰধান মন্ত্ৰীক আহ্বান জনাইছে।
গুৱাহাটীৰ বৰাগাঁওস্থিত প্ৰাগজ্যোতিষ ছিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী মিনাক্ষী সিঙে বুধবাৰে স্পীড পোষ্টৰ যোগেদি প্ৰধানমন্ত্ৰীলৈ উক্ত পত্ৰখন প্ৰেৰণ কৰিছে।
বৃদ্ধি পোৱা নাৰী নিৰ্যাতনৰ ঘটনা আৰু বিভিন্ন ধৰণৰ সমস্যা আলমত ছাত্ৰী গৰাকীয়ে এই পত্ৰখন প্ৰেৰণ কৰে।ইয়াৰ লগতে ছাত্ৰীগৰাকীয়ে ছাত্ৰী সকলৰ বাবে আত্মৰক্ষাৰ কৌশল প্ৰশিক্ষণ বিনামূলীয়া কৰিবলৈও প্ৰধানমন্ত্ৰীয়ে আহ্বান জনাইছে।
দেশৰ বিদ্যালয়খনত ছোৱালী সকলে নিজক সুৰক্ষিত ৰখা বাবে আত্মবিশ্বাস বৃদ্ধি পাব আৰু যিকোনো পৰিস্থিতিতে আত্মৰক্ষাৰ কৰিবলৈ সক্ষম হ’ব বুলি ছাত্ৰী গৰাকীয়ে পত্ৰ খনত উল্লেখ কৰিছে।উল্লেখযোগ্য যে মিনাক্ষী উশ্বু খেলৰ এগৰাকী খেলুৱৈ।
তেওঁ বিগত এটা বছৰে প্ৰশিক্ষক চিফু গোপী লামৰ তত্বাৱধানত প্ৰতি দেওবাৰে ছোৱালী বাবে গুৱাহাটীৰ মহানগৰী মালিগাঁও অঞ্চলত আত্মৰক্ষাৰ কৌশল প্ৰশিক্ষণৰ কৰ্মশালাৰ অনুষ্ঠিত কৰি আহিছে।

Leave A Reply

Your email address will not be published.