প্ৰধান মন্ত্ৰীৰ ভিডিঅ’ কনফাৰেন্সিঙত কি আলোচনা হ’ল..জানো আহক

0 218

সোমবাৰে দেশৰ ভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে কোভিড১৯ৰ প্ৰসংগত আলোচনা কৰিবলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এখন বৈঠকত মিলিত হয়।
 
 
 
প্ৰধানমন্ত্ৰীৰ আহ্বান মৰ্মে সমগ্ৰ দেশতে চলি আছে দ্বিতীয় পৰ্যায়ৰ লকডাউন।উল্লেখযোগ্য যে কোভিড ১৯য়ে দেশৰ যিকেইখন ৰাজ্যত বৰ্তমানে ত্ৰাসৰ সৃষ্টি কৰিছে সেইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগত প্ৰধানমন্ত্ৰীয়ে পোনপটীয়া ভাৱে বাৰ্তালাপ কৰে।
 
 
 
আজিৰ এই ভিডিঅ’ কনফাৰেন্সিং যোগে হোৱা বাৰ্তালাপত দেশৰ সকলো ৰাজ্যৰ মুখমন্ত্ৰীসকল উপস্থিত থাকে যদিও সময়ৰ অভাৱৰ কাৰণে সকলোৰে লগত কথা পাতিবলৈ সম্ভৱ নহ’ল আৰু  কোভিড১৯সম্পৰ্কত যিখিনি বক্তব্য আছিল সেই সকলোবোৰ লিখিতভাৱে দাঙি ধৰিবলৈ জনায়।
 
 
 
প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জ্বৰিয়তে আহ্বান কৰা বৈঠকত ক’ৰণা মহামাৰী সম্পৰ্কত  মুঠ ৯খন ৰাজ্যৰ লগত আলোচনা কৰে। ইয়াৰে ভিতৰত উত্তৰ পূৱৰ দুখন ৰাজ্য ক্ৰমে মেঘালয় আৰু মিজোৰামৰ লগতে পুডুচেৰী, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, উৰিষ্যা, বিহাৰ, গুজৰাট আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে পোনপটীয়াকৈ প্ৰধানমন্ত্ৰী মোডীয়ে কোভিড১৯সম্পৰ্কত কথা পাতে।
 
 
 
প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা আলোচনা মূলক বৈঠকত ভাগ লৈ মেঘালয়ৰ প্ৰধানমন্ত্ৰী কনৰাড চাংমাই কয় যে  ৩মে’ ৰ পিছলৈকে লকডাউন অব্যাহত ৰখাটো বিচাৰে। ইয়াৰ লগতে কয় যে জৰুৰী চিকিৎসা আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ সেৱাসমূহক বাদ দি আন্তঃৰাজ্যিক তথা আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত নিষেধাজ্ঞা অব্যাহত থকাটো বিচাৰে।
 
 
আনহাতে এই বৈঠকত অংশগ্ৰহণ কৰি হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে কয় যে  চৰকাৰে ইতিমধ্যে বৰ্তমান সময়ত কিছু সংখ্যক অনৈতিক কাৰ্যকলাপ সম্বন্ধে উমান লাভ কৰিছে। লকডাউন অব্যাহত ৰখা নৰখা সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে এই সন্দৰ্ভত দেশৰ আন আন ৰাজ্যসমূহৰো বিষয়সমুহ বিবেচনা কৰিহে লগতে মুখ্যমন্ত্ৰীসকলৰ মন্তব্য সমূহ জানি লৈহে লকডাউন সন্দৰ্ভত সিদ্ধান্ত লোৱাটো উচিত।
 
 
 
আনহাতে এই সন্দৰ্ভত আন আন ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলেও  ভাষ্য প্ৰদান কৰে। মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ মতে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তই চুড়ান্ত সিদ্ধান্ত বুলি কয়।
 
 
 
পুডুচেৰীৰ মুখ্যমন্ত্ৰী ভি নাৰায়ণস্বামীৰ মতে ৰাজ্যৰ চিকিৎসাসেৱাৰ সৈতে জড়িতসকলক কেন্দ্ৰই যাতে পি পি ই কীট ৰ লগতে অন্যান্য সামগ্ৰীসমূহ যোগান ধৰে সেয়া উল্লেখ কৰাৰ লগতে ৩মে’ত দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ সামৰণি পৰাৰ পিছত ৰাজ্যৰ উদ্যোগসমূহ আৰম্ভ কৰাৰ এক ইচ্ছা প্ৰকাশৰ লগতে কোভিড১৯ৰ বিৰূদ্ধে এখন শক্তিশালী যুঁজ দিয়াৰ বাবে বিচাৰে কেন্দ্ৰৰ পৰা প্ৰয়োজনীয় বিত্তীয় সাহাৰ্য্য বিচাৰে। 
 
উল্লেখ্য যে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষৱৰ্দ্ধনে  ভাষণত দেওবাৰে কৈছিলে যে সমগ্ৰ দেশতে সৰ্বমুঠ ৩০০খন ক’ৰণামুক্ত জিলা আছে। লগতে ২৯৭খন জিলাত কোনো হটস্পট অথবা পাঁচটাতকৈ অধিক ঘটনা পোৱা কোনোধৰণৰ সৰু অঞ্চল নাই। মন্ত্ৰীগৰাকীৰ মতে সমগ্ৰ দেশৰ সৰ্বমুঠ ১২৭খন জিলাতহে কোভিড১৯ ৰ ৰেড য’ন আছে।

Leave A Reply

Your email address will not be published.