প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ অনুষ্ঠিত

0 522

১৯৭৩ চনতে স্থাপিত দক্ষিণ কামৰূপৰ পলাশবাৰীৰ নহিৰা গুইমাৰা অঞ্চলিক হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমৰোহ অাজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হয় । পুৱাৰ ভাগত বিদ্যালয়ৰ পতাকা উত্তোলন কৰে প্ৰধান শিক্ষক ধীৰেন কুমাৰে অাৰু ছাত্ৰ সমৰোহৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি জ্যোতিষ ভাগৱতীয়ে । সমৰোহ উপলক্ষে অায়োজন কৰা প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে প্ৰাক্তন প্ৰধান শিক্ষক কুমুদ কলিতাই । বিয়লি দুই বজাত অাসাম ট্ৰিবিউন গোষ্ঠীৰ ডেভলপমেণ্ট অফিছাৰ প্ৰণৱ দত্ত গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত অন্তৰংগ অালাপ অনুষ্ঠানত বিদ্যালয়খনৰ কেইবাগৰাকীও প্ৰাক্তন অাৰু বৰ্তমানৰ শিক্ষক-শিক্ষয়িত্ৰীক গামোছা, সম্বৰ্ধনা পত্ৰ অাৰু গছপুলিৰে সম্বৰ্ধনা জনোৱা হয় । খগেন্দ্ৰ দাস, টিকেন্দ্ৰ মেধী, অাদিত্য শৰ্মা, কুমুদ কলিতা, কুশল কলিতা প্ৰমুখ্যে কেইবাজনো শিক্ষকক সম্বৰ্ধনা জনোৱা নষ্টালজিক হৈ পৰে । সম্পাদক জয়ন্ত গোস্বামীয়ে আতধৰা অনুষ্ঠানটোত বিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ প্ৰথম বছৰৰ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। তাৰ পিছতেই প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত হোৱা স্মৃতিৰ সুবাস নামৰ অন্তৰংগ অালাপ অনুষ্ঠানটো অানুষ্ঠানিকভাৱে মুকলি কৰে কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰসন্ন বৰাই । ইয়াৰ পূৰ্বেই দুই সহস্ৰাধিক প্ৰাক্তন অাৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী অাৰু শিক্ষক-শিক্ষয়িত্ৰীৰ অংশগ্ৰহণেৰে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে পলাশবাৰীৰ অ’ চি সত্যেন্দ্ৰ সিংহ হাজাৰিয়ে । দ্বিতীয় দিনাও দেওবাৰে স্মৃতিৰ সুবাস নামৰ অন্তৰংগ আলাপ, আলোচনা চক্ৰ, স্মৰণিকা উন্মোচন আৰু সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।

খবৰ যুগুতালে মিৰ্জাৰ পৰা জীতুমণী দাসে.. 

Leave A Reply

Your email address will not be published.