প্ৰেৰণা শৈক্ষিক ন্যাসৰ স্মাৰক বঁটা প্ৰদান

0 378

চৰাইদেউ জিলাৰ বৃহত্তৰ মাহমৰা অঞ্চলৰ নাট্যচৰ্চাৰ একমাত্ৰ অনুষ্ঠান পলস নাট্যমঞ্চৰ বুকুত জন্ম লাভ কৰা প্ৰেৰণা শৈক্ষিক ন্যাসৰ চলিত বছৰৰ শৈক্ষিক বঁটাসমূহ প্ৰদান কৰে ৷ পলস নাট্যমঞ্চ আৰু প্ৰেৰণা শৈক্ষিক ন্যাসৰ বিষয়ববীয়াসকলে কালি চলিত বছৰত উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ চাৰিগৰাকী মেধাৱী তথা সাহিত্য আৰু সাংস্কৃতিকভাৱে প্ৰতিভাসম্পন্ন চাৰিগৰাকী শিক্ষাৰ্থীক সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ঘৰে ঘৰে গৈ চলিত বছৰৰ প্ৰেৰণা বঁটা প্ৰদান কৰে৷
 
 
সেই অনুসৰি ধেমাজি দিচাংপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ গৌতম ফুকনক ন্যাসৰ তৰফৰ প্ৰয়াত কুলধৰ কোঁৱৰ স্মাৰক বঁটা প্ৰদান কৰা হয় ৷ প্ৰয়াত কুলধৰ কোঁৱৰৰ কন্যা তথা ধেমাজি দিচাংপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা বিজয়া কোঁৱৰে প্ৰদান কৰা এই বঁটাত আছিল প্ৰশস্তিপত্ৰ, ফুলাম গামোচা, গ্ৰন্থৰ টোপোলা আৰু নগদ তিনি হাজাৰ টকা ৷
 
একেখন বিদ্যালয়ৰে মেধাৱী ছাত্ৰী মাম্পী ফুকনক প্ৰদান কৰা হয় প্ৰয়াত বিষেশ্বৰী ফুকন সোঁৱৰণি বঁটা ৷ পৰিয়ালৰ হৈ ক্ষীৰোদ ফুকনে প্ৰদান কৰা এই বঁটাত আছে এখন ফুলাম গামোচা, প্ৰশস্তিপত্ৰ, গ্ৰন্থৰ টোপোলা আৰু নগদ দুহাজাৰ টকা ৷ আনহাতে, প্ৰয়াত তুলসী গগৈ সোঁৱৰণি স্মাৰক বঁটা প্ৰদান কৰা হয় মাহমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰী অনন্যা কোঁৱৰক ৷ এই বঁটাত আছে ফুলাম গামোচা, প্ৰশস্তিপত্ৰ, গ্ৰন্থৰ টোপোলা আৰু নগদ তিনি হাজাৰ টকা ৷ মিলনপুৰ দেউঘৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ গীতিকা বৰুৱাক আগবঢ়োৱা হয় প্ৰয়াত গগণ চন্দ্ৰ কোঁৱৰ স্মাৰক বঁটা ৷ এই বঁটাত আছে ফুলাম গামোচা, প্ৰশস্তিপত্ৰ, গ্ৰন্থৰ টোপোলা আৰু নগদ তিনি হাজাৰ টকা৷
 
 
প্ৰেৰণা শৈক্ষিক ন্যাসৰ সচিব ৰাণা মহন বৰুৱা আৰু পলস নাট্যমঞ্চৰ সচিব দাদুল বৰুৱাই আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানত প্ৰেৰণা শৈক্ষিক ন্যাসৰ সঞ্চালক পূৰ্ণানন্দ বৰুৱা, পলস নাট্যমঞ্চৰ সঞ্চালক দ্বিপেন কুমাৰ বৰুৱা, উপ-সঞ্চালক নৃপেন বৰুৱা, দিবাকৰ শেনচোৱা, পূৰ্ণ ৰাজকোৱঁৰ, ধেমাজি দিচাংপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা বিজয়া কোঁৱৰ, মৰাণ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক প্ৰণৱ কুমাৰ বাঢ়ৈ, কবি নোমল চেতিয়া, পলসৰ কাৰ্যবাহী সচিবদ্বয় ডুলেন ফুকন, সুনীল গগৈ, শিক্ষক দৌলত ফুকন, শান্ত ফুকন, আয়ত্ৰী ফুকন আদি উপস্থিত থাকি বঁটাসমূহ প্ৰদান কৰে ৷
খবৰ যুগুতালে সোণাৰিৰ পৰা অভিজিত ভূঞাই..

Leave A Reply

Your email address will not be published.