প্ৰয়াস গোটৰ প্ৰশংসনীয় পদক্ষেপ

0 264

টীয়কৰ লাহিং লক্ষীবাৰী গাঁৱৰ মানসিকভাৱে কিছু অসুস্থ,অসহায় আৰু গৃহহীন এজন যুৱকৰ ঘৰ নিৰ্মাণ কৰি মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে টীয়কৰ এটা সামাজিক গোটৰ হৃদয়বান সদস্য সকলে৷
 
 
উল্লেখযোগ্য যে আজি কেইবা বছৰো ধৰি মাথো এখন ভগ্ন প্ৰায় চালিৰ তলতে ৰ’দে বৰষুণে অতি কষ্টেৰে জীৱন নিৰ্বাহ কৰি আহিছিল লাহিঙৰ কানু নামৰ মানসিকভাৱে অসুস্থ  যুৱকজনে।
 
 
লাহিং অঞ্চলত বিভিন্ন ইতিবাচক কাম কৰি ,লক ডাউনৰ সময়চোৱাত প্ৰায় ২৬৩ টা অভাৱী পৰিয়াললৈ সাহাৰ্য্য আগবঢ়োৱা,ধুমুহাত বিধ্বস্ত হোৱা এগৰাকী অসহায় মহিলাৰ ঘৰ নিৰ্মাণ কৰা প্ৰয়াস নামৰ এটা সামাজিক গোটে  সহায় কৰিবলৈ আগবাঢ়ি আহে আৰু তেওঁলোকে হাতে-কামে লাগি ঘৰটো নিৰ্মাণ কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰে৷
 
খবৰ যুগুতালে লাহিঙৰ পৰা গোপাল কৃষ্ণ বাঢ়ৈয়ে ..

Leave A Reply

Your email address will not be published.