পৰিপুষ্টি বাগিচা আৰু বৃক্ষ ৰোপণৰ কাৰ্যসূচী অনুষ্ঠিত

0 199

ৰাষ্ট্ৰীয় পোষন মাহ আৰু বজ্ৰাৰ আন্তৰ্জাতিক বৰ্ষ ২০২৩ (International year of Millets) ৰ লগত সংগতি ৰাখি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত আজি পৰিপুষ্টি বাগিচা (Nutri Garden) আৰু বৃক্ষ ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়। নগাৱৰ বৰভেটি গাঁও পঞ্চায়তৰ মুকলি মঞ্চত অনুষ্ঠিত অনুষ্ঠানটিৰ আৰম্ভণিতে কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মুৰব্বী ডঃ নিৰঞ্জন ডেকাই “আমাৰ দেশৰ এক প্ৰধান সমস্যা পুষ্টিহীনতা দূৰ কৰিবৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ সমূহৰ বিষয়ে আলোচনা কৰাৰ উপৰিও পুষ্টিকৰ খাদ্য, জৈৱ উৎকৰ্ষ বৃদ্ধিকাৰক শষ্য আৰু ঘৰে ঘৰে শাক পাচলিৰ বাগিচাৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কত ভাষণ প্ৰদান কৰে। কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ পশু বিজ্ঞান বিশেষজ্ঞ ড০ অনিমেষ ডেকাই আঁত ধৰা অনুষ্ঠানটিত আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীৰ প্ৰধান বিজ্ঞানী ড০ পবিত্ৰ বৰদলৈ, কাছমাৰী জিলা পৰিষদৰ সদস্যা কাঞ্চন পাটৰ বৰদলৈ, পাখিমৰীয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ মুখ্য সেবিকা উপমা বৰুৱা, খাগৰিজান উন্নয়ন খণ্ডৰ খণ্ড সমন্বয়ক দীপমন শইকীয়া, তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিপুষ্টি আৰু সামূহিক পৰিকল্পনা সমল কেন্দ্ৰৰ প্ৰকল্প সহযোগী চায়ান দেউৰীয়ে পুষ্টিকৰ খাদ্যৰ প্ৰয়োজনীয়তা, পুষ্টিকৰ খাদ্যৰ উৎস আদি বিষয়ে বিশ্লেষণ আগবঢ়ায়। তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিপুষ্টি আৰু সামুহিক পৰিকল্পনা সমল কেন্দ্ৰৰ প্ৰকল্প সহায়িকা তনয়া বৰা, উদ্যান শস্য বিশেষজ্ঞা জুলি শৰ্মা, কৃষি অৰ্থনীতি বিভাগৰ বিষয় বস্তু বিশেষজ্ঞা ড০ চিংকি বৰ্মন, ভূমি বিজ্ঞানী দিপেন চন্দ্ৰ নাথ, ড০ বন্তি গগৈ , বিষ্ণু নাৰায়ণ ফুকন, বিদিশা বৰা আৰু নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ উদ্যমী মহিলা কৃষক, অংগনবাদী কৰ্মী উপস্থিত থকা অনুষ্ঠানটিৰ শেষত শলাগৰ শৰাই আগবঢ়াই কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ সামূহিক বিজ্ঞান বিশেষজ্ঞা আছফিকা ইছলামে। ক`ভিড প্ৰটকল অনুসৰি দূৰত্ব অক্ষুণ্ণ ৰাখি উদযাপন কৰা অনুষ্ঠানটিৰ অন্তত উদ্যমী মহিলা কৃষক আৰু অংগনবাদী কৰ্মীসকলক শাক পাচলিৰ বিনামূলীয়া বীজ আৰু গছ পুুলি বিতৰণ কৰা হয়।
বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Leave A Reply

Your email address will not be published.