পৰিবেশ কৰ্মী পূৰ্ণিমা দেৱী বৰ্মনলৈ স্বীকৃতি

0 173

হাড়গিলা বাইদেউ হিচাপে পৰিচিত পূৰ্ণিমা দেৱী বৰ্মনলৈ আমেৰিকাৰ অন্যতম বিজ্ঞান সংস্থা ‘এথনো বায়’লজি’এ ‘ইণ্ডিজিনিয়াছ পিপল ট্ৰেভেলছ’ বঁটা আগবঢ়াইছে।
সংস্থাটোত প্ৰকাশিত এক জাৰ্ণেলত লিখা হৈছে ‌যে ‘Saving the Greater Adjutant stork by changing perception and linking to Assamese Traditions in India’ নামৰ প্ৰবন্ধটোৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে ১৪ মে’ত ৪৩ সংখ্যক অধিৱেশনত পূৰ্ণিমা দেৱী বৰ্মনে ভাৰ্চুৱেলী এই বঁটা গ্ৰহণ কৰে। বিগত যোৱা কেইবা বছৰো ধৰি কামৰূপৰ দদৰা, পাছৰীয়া, শিঙিমাৰী বিভিন্ন ঠাইত হাড়গিলা সংৰক্ষণ আৰু পৰিৱেশ ৰক্ষাৰ বাবে তেখেতে কাম কৰি আহিছে। যাৰ বাবে ইতিপূৰ্বে ২০১৭ চনতো গ্ৰীন অস্কাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

Leave A Reply

Your email address will not be published.