পৰিবেশ সুন্দৰ কৰি তোলাৰ প্ৰয়াস নগাঁৱৰ ৩জন শিল্পীৰ

0 194

নগাঁও জিলাৰ ৰাইডঙীয়াৰ তিনি জন শিল্পীৰ ব্যতিক্ৰমী পদক্ষেপ। পৰিবেশ সুন্দৰ কৰি ৰখাৰ সংকল্পৰে ৰাইডঙীয়াৰ মৃদুপৱন বৰা নামৰ যুৱক জনে একেগাঁৱৰে ভাস্কৰ হাজৰিকা আৰু গৌতম কোচৰ সহযোগত বৰ্তমান অসমৰ জনপ্রিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত আৰু জুবিন গাৰ্গৰ বিশাল ছবি অংকন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
 
বিগত এটা সপ্তাহযোৰা প্ৰচেষ্টাৰ অন্তত জীৱন্ত ৰূপ পাইছে পাপন মহন্ত আৰু জুবিন গাৰ্গৰ বিশাল প্ৰতিছবি দুখনে। নগাঁৱৰ বেবেজীয়া ঘাঁহী সংযোগী পথৰ উৰণীয়া সেতুৰ এটি টানেলৰ দেৱালত মৃদুপৱনে নিজা খৰছেৰে, দিনে নিশাই কৰা বহু কষ্টৰ অন্তত পাপন মহন্ত আৰু জুবিন গাৰ্গৰ বৃহৎ চিত্ৰ অংকন কৰি নগাঁও জিলাখনৰ বহুজনৰ চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে। আনহাতে এই স্থানেৰে অহা যোৱা কৰা বিভিন্ন জনে এই ছবিদুখনত ফটো উঠিবলৈও ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি আমাৰ চৌপাশে থকা দেৱাল, পথ, দলং, ৰাজহুৱা সম্পত্তি সমূহত গুটখা, তামোলৰ পিক পেলাই লেতেৰা কৰা পৰিবৰ্তে আমাৰ পৰিবেশ সুন্দৰ কৰি ৰখাৰ সংকল্পৰে অসমৰ দুই সম্পদৰ ছবি আঁকি জন জাগৰণৰ প্ৰয়াস কৰা যুৱক কেইজনৰ পদক্ষেপক সকলোৱে ভূয়সী প্ৰশংসা কৰিছে। ইতিমধ্যে অংগৰাগ মহন্তই নিজৰ চ’চিয়েল মিডিয়াত মৃদুপৱনে অংকন কৰা এই ছবি আপলোড কৰি শিল্পী গৰাকীক প্ৰশংসা কৰিছে। উল্লেখ্য যে ৰাইদঙীয়াৰ মৃদুপৱন বৰাই এমাহ পূৰ্বে ১৩৫ দাল সুঁতাৰে জুবিন গাৰ্গৰ এখন বিশেষ ছবি অংকন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।
খবৰ যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে

Leave A Reply

Your email address will not be published.