পৰিষদীয় বৈঠকত হোৱা সিদ্ধান্তৰ সম্পৰ্কে মন্ত্ৰী পাটোৱাৰীয়ে কি ক’লে

0 273

ক’ৰণা ভাইৰাছক প্ৰতিহত কৰাৰ লক্ষ্য আগত ৰাখি ৰাজ্য চৰকাৰে সামাজিক সংক্ৰমণ সম্পূৰ্ণৰূপে ৰোধ কৰাৰ বাবে ৰাজ্যৰ সকলো কোৱাৰেণ্টাইন চেণ্টাৰৰ নীতি নিয়ম সমূহ কঠোৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত হোৱা এখন মন্ত্ৰী পৰিষদৰ বৈঠকত বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰে।
 
 
 
 
আনহাতে বহিঃৰাজ্যৰ পৰা যিসকল লোক অসমলৈ আহিব সেইসকল লোকক কোৱাৰেণ্টাইন সম্পূৰ্ণ নকৰাকৈ ঘৰলৈ যাবলৈ দিয়া নহ’ব বুলিও কয়। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ভৰলীপৰীয়াত থকা কন্যকা বহুমুখী পামলৈ ১১৭৬ বিঘা ভূমি আৱণ্টন দিয়া হয়।
 
 
 
সমান্তৰালভাৱে বহিঃৰাজ্যত আৱদ্ধ হৈ থকা ৩.৬১লাখ লোকলৈ এপ্ৰিল মে’ আৰু জুন মাহৰ বাবে অসম কেয়াৰ আঁচনিৰ অধীনত প্ৰতি মাহে দুহেজাৰ টকাকৈ দিয়াৰ অনুমোদন জনায়। ৰাজ্যৰ লোকশিল্পী(ঢুলীয়া/নাগাৰা নাম/বেণ্ডপাৰ্টী/ওজাপালি) সকললৈ এপ্ৰিল, মে’ আৰু জুন এই তিনিমাহৰ বাবে প্ৰতিমাহে দুহেজাৰকৈ বিত্তীয় সাহাৰ্য্য ঘোষণা। বানপানীত ক্ষতিগ্ৰস্থ সকললৈ উপযুক্ত ব্যৱস্থা ল’বলৈ উপায়ুক্ত সকলক নিৰ্দেশ জাৰি কৰে।
 
 
 
ক’ভিড১৯ৰ ফলত সৃষ্ট পৰিস্থিতিসমূহৰ তদাৰক কৰিবলৈ জিলাসমূহৰ মন্ত্ৰী সকলক আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।বানপানীৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে জিলা উপায়ুক্ত সকলৰ সৈতে নিজেই তদাৰক কৰি আছে।আনৰাজ্য সমূহৰ দৰে অসমত সামাজিক ভাৱে সংক্ৰমণ হোৱা নাই বুলি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মন্তব্য কৰে।

Leave A Reply

Your email address will not be published.