ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে উন্মোচন কৰিলে গীতিকা শইকীয়াৰ উপন্যাস “সৰা ফুলে কথা ক’লে”

0 267

আজি দিনৰ ১২ বজাত কটন এলাম্‌নাই ভৱনত অনুষ্ঠিত এখন গ্ৰন্থ উন্মোচনী সভাত গীতিকা শইকীয়াই সাংবাদিকতাৰ ক্ষেত্ৰখনৰ বৰ্ণিল অভিজ্ঞতাৰ ভিত্তিত লিখা “সৰা ফুলে কথা ক’লে” শীৰ্ষক সুদীৰ্ঘ উপন্যাসখন যশস্বী ঔপন্যাসিক,কবি,বিশিষ্ট চিন্তাবিদ ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে৷ উক্ত সভাত বিশিষ্ট অতিথি হিচাপে অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ,স্বনামধন্য লেখিকা তথা বৰ্তমান ৰে’লৱে ক্লেইম্‌চ ট্ৰিবিউনেলৰ বিষয়া লীনা শৰ্মা,তুৰা চৰকাৰী কলেজৰ অধ্যাপিকা,সাহিত্যিক মীনাক্ষী বুঢ়াগোহাঁই,সংগীতশিল্পী,লেখক চিকিৎসক ডাঃঅঞ্জনজ্যোতি চৌধুৰী উপস্থিত থাকে৷গ্ৰন্থ উন্মোচনী সভাৰ আহ্বায়িকা সাংবাদিক দৰ্শনা বৰুৱাৰ উদ্দেশ্য বাখ্যা আৰু আদৰণি ভাষণৰে আৰম্ভ হোৱা সভাখনৰ আঁত ধৰে লেখিকা পাপৰি সৌকাধৰা বৰঠাকুৰে৷বন্তি প্ৰজ্বলন কৰে দীননাথ শইকীয়া আৰু জুনুপ্ৰভা শইকীয়াই৷
পাণবজাৰৰ এম আৰ পাব্লিকেশ্যনৰ হৈ অপূৰ্ব কলিতাই প্ৰকাশ কৰা সৰা ফুলে কথা ক’লে শীৰ্ষক এই উপন্যাসখনৰ কাহিনীভাগত এগৰাকী সাংবাদিকৰ দৃষ্টিভংগীৰে সংবাদ মাধ্যমক দেখুওৱাৰ প্ৰয়াস কৰা হৈছে। খবৰৰ সন্ধানত ব্যস্ত পৃথিৱীখনৰ সদা ব্যস্ততাময় পৰিবেশ, খবৰৰ গুৰুত্বতকৈ নিজৰ স্থান সকলো প্ৰকাৰে সুৰক্ষিত কৰাৰ প্ৰতিযোগিতা, গণতন্ত্ৰৰ চতূৰ্থ স্তম্ভৰ দায়িত্ব, কৰ্তব্য আদিৰ লগতে বিশেষভাৱে দৃশ্য-শ্ৰব্য সাংবাদিকতাৰ জগতখনৰ বিষয়ে উপন্যাসখনত বৰ্ণনা কৰা হৈছে।উল্লেখযোগ্য যে কিছুবছৰৰ আগতে উচ্চতম ন্যায়ালয়ে দিয়া এক ঐতিহাসিক ৰায়দানৰ ফলত বৰ্তমান বৃন্দাবনত বিধৱাসকলেও হোলীৰ আনন্দ-উছাহত আন সকলোৰে
সৈতে সমানে ভাগ ল’বলৈ কেনেদৰে সক্ষম হৈছে,গ্ৰন্থখনত সেই কথাৰ উল্লেখৰ লগতে উচ্চতম ন্যায়ালয়ৰ উক্ত ৰায়ৰ বিষয়েও উপন্যাসখনত বিষদভাৱে বৰ্ণনা কৰা হৈছে।গাম্ভীৰ্যপূৰ্ণ গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিত জ্যোতিৰ্ময় শইকীয়া,গীতিমা দাস কৃষ্ণ,হেমচন্দ্ৰ দলে,পলিমা বি চেতিয়া,দিগন্ত বৰা,ভাস্কৰ শইকীয়া,যুগললোচন দাস,দিগন্ত কুমাৰ নাথ,ঈশ্বৰ মহন্ত,ভাৰতী বৰুৱা মহন্ত,একাগ্ৰ শইকীয়া,সমগ্ৰ শইকীয়া আদি ভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও.গণ্য মান্য ব্যক্তি উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.