ফিকিয়ে ক্ৰীড়া ক্ষেত্ৰত আগবঢ়ালে বিশেষ সন্মান

0 238

অসমৰ ক্ৰীড়াপ্ৰেমী ৰাইজৰ বাবে এক সুখবৰ। FICCIয়ে আগবঢ়ালে ক্ৰীড়া ক্ষেত্ৰত বিশেষ সন্মান। India sports Award ৰ best sports promoting States হিচাপে অসমলৈ বিজয়ী শিতানত এই সন্মান আগবঢ়োৱা হৈছে।লক্ষ্য কোঁৱৰে অসমৰ সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজ,ক্ৰীড়াবিদ,ক্ৰীড়া সংগঠক অভিনন্দন জনাই কয় যে কিয়নো FICCI দৰে এটা সন্মানীয় সংস্থাই এই সন্মান জনোৱাটো ৰাজ্যখনৰ বাবে অত্যন্ত উৎসাহজনক খবৰ।লগতে কয় যে এই সন্মান লাভ কৰা মূলত ব্যক্তিজন হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল। ২০১৬ চনৰ পৰা তেখেতে শাসনভাৰ লোৱাৰে পৰা ক্ৰীড়া দিশটো যিদৰে অগ্ৰাধিকাৰ দি গৈছে তাৰ ফলস্বৰূপে অসমে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।আনহাতে অহা ২৮ আৰু ২৯ ডিচেম্বৰত গুৱাহাটী সৰুসঁজাই ষ্টেডিয়ামত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ১২ খন ৰাজ্যক সামৰি অনুষ্ঠিত কৰিবলৈ লোৱা প্ৰতিযোগিতা খনত ৰাইজৰ লগতে ,ক্ৰীড়া সংগঠক,ক্ৰীড়াবিদ সকল সহযোগিতা কৰিবলৈ আহ্বান জনায়।

Leave A Reply

Your email address will not be published.