ফিকি এফ এল অ’ৰ ৰাষ্ট্ৰীয় অধ্যক্ষ হিচাপে নিযুক্তি পালে জাহ্নৱী ফুকনে

0 168

দেশজুৰি সৰ্বত্ৰে চলি আছে চতুৰ্থ পৰ্যায়ৰ লকডাউন। এই সময়ছোৱাত অসমবাসীৰ বাবে আহিছে এক সু খবৰ। অসমৰ এগৰাকী মহিলা উদ্যোগী হিচাপে সু খ্যাতি লাভ কৰা জাহ্নৱী ফুকনক ফেডাৰেচন অৱ ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিৰ মহিলা গোট ফিকি এফ এল অ’ৰ ৰাষ্ট্ৰীয় অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।
 
 
লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলাৰ উপস্থিতিত অনুষ্ঠিত হোৱা ৩৬সংখ্যক এফ এল অ’ এনুৱেল ছেছন ৰাইজিং এবাভ ক’ভিড চেলেঞ্জেছ শীৰ্ষক অনুষ্ঠানটিত পদভাৰ গ্ৰহণ কৰে জাহ্নৱী ফুকনে। ইয়াৰ পূৰ্বে অধ্যক্ষ হিচাপে আছিল হৰজিন্দৰ কৌৰ তালৱাৰ। সমগ্ৰ দেশজুৰি ফিকি এফ এল অ’ৱে সৰ্বমুঠ ১৭টা চেণ্টাৰৰ ৮০০০ গৰাকীকৈ মহিলাক প্ৰতিনিধিত্ব কৰি আহিছে। এই সংস্থাটোৱে মূলতঃ মহিলাসকলৰ আৰ্থিক সবলীকৰণ আৰু মহিলাৰ সমসুযোগৰ ওপৰত গুৰুত্ব দিয়ে।
 
উল্লেখযোগ্য যে ফুকন হৈছে এই সংস্থাটোৰ ৩৭নং ৰাষ্ট্ৰীয় অধ্যক্ষা। কাৰ্যভাৰ গ্ৰহণ কৰা জাহ্নৱী ফুকনৰ মন্তব্য  কৰে যে  মহিলাসকলৰ ঔদ্যোগিক ক্ষমতা তথা মহিলাসকলৰ পেছাদাৰী উৎকৃষ্টতাৰ সৈতে  সবলীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব।
 
 
সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মহিলাসকলক বহনক্ষম নিয়োগৰ সুবিধা প্ৰদান কৰিব বুলি কয় জাহ্নৱী ফুকনে। উল্লেখ্য যে জাহ্নৱী ফুকন দুটাকৈ ৰাষ্ট্ৰীয় পৰ্যটন বটা বিজয়ী প্ৰতিষ্ঠান ক্ৰমে জাংগল ট্ৰেভেলচ ইণ্ডিয়া আৰু আছাম বেংগল নেভিগেচন কোম্পানীৰ সহ প্ৰতিষ্ঠাপক।

Leave A Reply

Your email address will not be published.