ফুলগুৰি ধেৱাই সম্পূৰ্ণ কৰিলে ১৫৯টা বৰ্ষ

0 275

ফুলগুৰিৰ ধেৱাৰ ঐতিহ্যই আজি সম্পূৰ্ণ কৰিলে ১৫৯ টা বছৰ। ফুলগুৰিৰ ধেৱা এনেকুৱা এখন ঠাই যি ঠায়ে কৃষক বিদ্ৰোহৰ স্বাক্ষৰ দাঙি ধৰে। পোন প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ ইতিহাসত কৃষকে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল এই ফুলগুৰিৰ ধেৱা অঞ্চলতে।
 
 
আজি ফুলগুৰি ধেৱা স্মৃতিৰক্ষা সমিতিয়ে অতীত সুঁৱৰি এক সভা অনুষ্ঠিত কৰে।পুৱা পতাকা উত্তোলন কৰে স্মৃতিৰক্ষা সমিতিৰ সভাপতি প্ৰবীণ হাজৰিকাই।বন্তি প্ৰজ্বলন কৰে কাৰ্যকৰী সভাপতি নিত্যানন্দ নাথ চন্দ্ৰগিৰিয়ে। দিনৰ এঘাৰ বজাৰত ডাঃ দেৱ কুমাৰ বৰদলৈয়ে ফুলগুৰি ধেৱা শীর্ষক এক গীত পৰিবেশন কৰে।
ইয়াৰ পিছতে অনুষ্ঠিত হয় ফুলগুৰি ধেৱাক ৰাষ্ট্ৰীয় পৰ্য্যায়লৈ আগুৱাই নিয়া লক্ষ্যৰে ভৱিষ্যতৰ পদক্ষেপ শীর্ষকৰ এক প্ৰতিনিধিমূলক আলোচনা সভা।উক্ত সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থকা নগাঁও লোকসভা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ফুলগুৰি ধেৱা ইতিহাস আৰু সমল সংগ্ৰহ কৰিবলৈ এক উচ্চস্তৰীয় গৱেষণা সমিতিৰ প্ৰয়োজন বুলি কয়। লগতে তেওঁ ভাষণত কয় যে ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম কৃষক বিদ্ৰোহ হিচাপে ফুলগুৰি ধেৱাৰ স্থান আৰু মানচিত্ৰত দেশৰ ভিতৰতে শীর্ষক স্থান লাভ কৰিব লাগিছিল যদিও বৰ্তমান ইয়াৰ প্ৰচাৰ আৰু প্ৰয়াস অতি সীমিতভাৱে থাকিব লগীয়াটো অতি দুৰ্ভাগ্যজনক।
 
সভাত উপস্থিত থকা বিশিষ্ট সাহিত্যিক শিৱনন্দ কাকতিয়েও ধেৱাৰ ইতিহাসসমূহৰ সংৰক্ষণ কৰা পোষকতা কৰি ইংৰাজ বাহিনীয়ে বিদ্ৰোহৰ দমনৰ নামত কৰা অত্যাচাৰ মৃত্যুক সাৱটি লোৱা লোকসকলক সৎকাৰ কৰা দক্ষিণ জাগীয়াল পঞ্চায়তৰ মানুহ পোৰা বিলখনো সংৰক্ষণ কৰি পৰ্যটকস্থলী গঢ়ি তুলিবলৈ আহ্বান জনায়।
 
ইয়াৰ লগতে আধুনিক বিজ্ঞানভিত্তিক কৃষিকৰ্মত কেনেকৈ আত্মনিয়োগ কৰিম শীর্ষক এক কৰ্মশালাও অনুষ্ঠিত হয়।নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী ড° নিৰঞ্জন ডেকা আৰু ৰহাৰ সহকাৰী কৃষি অভিযন্তা শৰত দত্তই উক্ত কৰ্মশালাত উপস্থিত থাকি কৃষিপথাৰ প্ৰস্তুত আৰু কৃষি বীজ চিনাক্ত কৰি কিদৰে কৃষি কৰিব পৰা যায় আৰু চৰকাৰী ভাবে কৃষক সকলে কি কি সা-সঁজুলি বা আঁচনি লাভ কৰিব পাৰে ইয়াৰ সন্দৰ্ভত ভাষণ দিয়ে।উক্ত কৰ্মশালাত সূৰ্য বৰা,নাৰায়ণ বৰুৱা,খগেন বৰা,প্ৰমেশ মজুমদাৰ,প্ৰতাপ নাথ,দুলু বৰদলৈ,মনি ডেকাদলৈ, ধনেশ্বৰ শইকীয়া, যদু বৰদলৈ,বিজয় বৰুৱা আৰু পবিত্ৰ শইকীয়াসহ মুঠ এঘৰজন কৃষকক সম্বৰ্ধনা পত্ৰ আৰু গামোছাৰে আদৰণি জনায়।

Leave A Reply

Your email address will not be published.