বকুল নগৰত সাৰ্বজনীন শ্ৰী শ্ৰীদুৰ্গা পূজা , লাইখুটা স্থাপন

0 186

গুৱাহাটীৰ জালুকবাৰী অঞ্চলৰ বকুল নগৰত অহা ১১ভি ৰ পৰা ১৫ অক্টোবৰলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে সাৰ্বজনীন শ্ৰী শ্ৰীদুৰ্গা পূজা উদযাপন কৰা হ`ব । ১১ অক্টোবৰত পুৱা ৯ বজাত ধৰ্মধজ্জা উত্তোলনৰে এইবেলিৰ পূজাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব উদযাপন কমিটিৰ সভাপতি গজেন চন্দ্ৰ শৰ্মাই। সন্ধিয়া বন্তি প্ৰজলন কৰিব অৱসৰপ্ৰাপ্ত অধ্যাপক উমাকান্ত দেৱশৰ্মা বিমল চন্দ্ৰ দাসে।আনহাতে পূজাৰ কাৰ্যসূচী সুচাৰুৰূপে উদযাপন কৰিবলৈ সমাজকর্মী গজেন চন্দ্ৰ দাসক সভাপতি , চবিন চন্দ্ৰ কলিতাক কাৰ্যকৰী সভাপতি , দিগন্ত দাসক সাধাৰন সম্পাদক , শৈলেন দাসক কোষাধক্ষ্য হিচাপে লৈ1 এখন কাৰ্যকৰী কমিটি গঠন কৰা হৈছে । আনহাতে মহালয়াৰ দিনা ক’ভিড বিধি মানি দুৰ্গাপূজাৰ লাইখুটা স্থাপন কৰা হয় । বহুসংখ্যক লোকৰ উপস্থিতিত লাইখুটা স্থাপন কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক উমাকান্ত দেৱশৰ্মাই।

Leave A Reply

Your email address will not be published.