বন্যপ্ৰাণী সুৰক্ষাৰ বাবে চিন্তিত সাংসদ তাছা

0 282

ক’ভিড১৯য়ে এতিয়া সমগ্ৰ বিশ্ববাসীক শংকিত কৰি তুলিছে। ইয়াক প্ৰতিৰোধ কৰাৰ বাবে সমগ্ৰ দেশজুৰি  লকডাউন চলি আছে।
 
 
 
ইফালে বাৰিষা আৰু বানপানী সমাগত।  সম্ভাৱ্য বানপানীৰ পৰা সুৰক্ষা পাবলৈ বাবে বহুলোক চিন্তিত হৈ পৰিছে।এই লকডাউনৰ সময়ছোৱাত বন্যপ্ৰাণী সুৰক্ষাৰ বাবে চিন্তিত হৈ পৰিছে সাংসদ কামাখ্যা প্ৰসাদ তাছা।
 
 
বানপানীৰ সময়ত বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীখিনিৰ সুৰক্ষাৰ বাবে এক বিকল্প পথৰ পৰামৰ্শৱলী প্ৰদান কৰিছে সাংসদ তাছাই। সোমবাৰে কাজিৰঙাত উপস্থিত হৈ উদ্যানখনৰ কৰ্তৃপক্ষৰ সৈতে এই সন্দৰ্ভত এক আলোচনাত মিলিত হয় সাংসদ তাছা।
 
 
সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ মতে জনসাধাৰণৰ লগতে আমাৰ ইয়াত বাস কৰা প্ৰতিগৰাকী বন্যপ্ৰাণীৰে সুৰক্ষাৰ প্ৰয়োজন আছে। কাজিৰঙাত থকা বন্যপ্ৰাণী সমূহৰ ওপৰত অত্যাচাৰ হ’লে দুখ হয় বুলি প্ৰকাশ কৰি সাংসদ তাছাই কয় যে বানপানীৰ সময়ত বন্যপ্ৰাণী সমূহক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক ইতিমধ্যে এই সন্দৰ্ভত জনোৱা হৈছে।
 
 
সাংসদ তাছাই জানিব দিয়া অনুসৰি উজনি অসমৰ পৰা যিসমূহ গাড়ী ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অনাৰ সলনি বগীবিল হৈ যাবলৈ ইতিমধ্যে পৰামৰ্শ প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰক। ইয়াৰোপৰি নামনি অসমৰ পৰা যোৱা যিসমূহ গাড়ী আছে সেইসমূহ কলিয়াবৰৰ পৰা তেজপুৰহৈ চলাচল কৰিবলৈও কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ প্ৰদান কৰিছে। সাংসদ তাছাৰ এই পৰামৰ্শৱলী কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ উভয়ে গভীৰভাৱে চিন্তা কৰা বুলি জনায়।
 
 
৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যোৱা গাড়ীসমূহৰ গতি নিয়ন্ত্ৰণত  বানপানীৰ সময়ছোৱাত কঠোৰতকৈও কঠোৰ হ’বলৈ আহ্বান জনায় উদ্যান কৰ্তৃপক্ষক। ইয়াৰ লগতে এই বানপানীৰ সময়ছোৱাত কাজিৰঙাৰ ৰাষ্ট্ৰীয় পথত কৰ্তব্যত নিয়োজিত হৈ থকা বনকৰ্মী সকলৰ সুৰক্ষাৰ আহ্বান জনায়। সমান্তৰালভাৱে সেইসমূহ ৰাস্তা কাষত নিৰাপত্তা চকীসমূহ অধিক পৰিমাণে নিৰ্মাণৰ বাবে আহ্বান জনায় সাংসদ গৰাকীয়ে।
 
 
পানবাৰী অঞ্চলৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ  চিকিৎসক ডাঃ পানজিত বসুমতাৰীয়ে এনিমেল কৰিডৰ বোৰত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা কালভাৰ্টবোৰ শীঘ্ৰে বহল কৰিবলৈ আৰু আগতকৈ ওখ কৰিবলৈ আহ্বান জনায়। চিকিৎসক গৰাকীৰ এই আহ্বানৰ প্ৰতি সহাঁৰি জনায় এই সন্দৰ্ভত সাংসদ তাছাই তেওঁক এখন প্ৰতিবেদন প্ৰস্তুত কৰি দিবৰ বাবে অনুৰোধ জনায়। এই প্ৰতিবেদন পোৱাৰ পিছত এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰি ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.