বন্যাৰ্তৰ মাজত প্ৰবাসী অসমীয়া ছাত্ৰ- বানত ক্ষতিগ্ৰস্ত লোকক সাহাৰ্য সামগ্ৰী বিতৰণ

0 370

ক’ৰণা মহামাৰীৰ বিভীষিকাময় পৰিস্থিতিৰ সমান্তৰালকৈ ৰাজ্যত সৃষ্টি হোৱা বানপানীৰ ফলত সমস্যাৰ সন্মুখীন হৈছে বিভিন্ন প্ৰান্তৰ জনতা। তেনে সময়তে বনাক্ৰান্ত ৰাইজৰ মাজত আজি উপস্থিত হয় প্ৰবাসী অসমীয়া ছাত্ৰৰে গঠিত এটা বেচৰকাৰী সংগঠনৰ কেইগৰাকীমান সদস্য।
 
 
NORDSTERN নামৰ এই সংগঠনটোৰ কৰ্মীসকলে শিৱসাগৰ জিলাৰ পানবেচা অঞ্চলৰ লগতে বানপানীত ক্ষতিগ্ৰস্ত হোৱা বহুকেইখন গাঁৱৰ ৰাইজৰ সমস্যাৰ কথা বুজ লৈ নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী যোগান ধৰে ৰাইজক। চৰাইদেউ জিলাৰ সোণাৰিৰ প্ৰাচুৰ্য বৰগোহাঁইৰ নেতৃত্বত যোৱা দলটোত খোৱাঙৰ প্ৰণৱ কলিতা, মাজুলীৰ ধ্ৰুৱজ্যোতি ভূঞা, সোণাৰিৰ হিৰন্ময় বৰুৱা, ক্ৰিষাণ প্ৰদুম্ন, শিমলুগুৰিৰ বিৰাজ গগৈয়ে ৰাইজৰ মাজত খাদ্য সামগ্ৰী যোগান ধৰে।
 
উল্লেখ্য যে ভাৰতৰ বিভিন্ন প্ৰান্তত অধ্যয়নৰত অসমীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে অসমৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা গঠিত হৈছিল NORDSTERN নামৰ বেচৰকাৰী সংগঠনটো ৷এই সংগঠনটোৱে ইতিমধ্যে ভাৰতৰ বিভিন্ন প্ৰান্তত বহুতো গুৰুত্বপূৰ্ণ কাম কৰিছে ৷
খবৰ যুগুতালে সোণাৰিৰপৰা অভিজিৎ ভূঞাই..

Leave A Reply

Your email address will not be published.