বন বিভাগৰ ফ্ৰণ্টলাইন কৰ্মচাৰীক আৰণ্যকৰ প্ৰশিক্ষণ প্ৰদান

0 165

২৯ জুনত আৰণ্যকৰ tiger Research and conservation Divison ৰ Low Enforcement Monitoring দলৰ জৰিয়তে Global positioning systemৰ প্ৰাথমিক ব্যৱহাৰৰ আৰু পেট্ৰল নেৱিগেশ্বন সম্পৰ্কত কোকৰাঝাৰ জিলাৰ হালতুগাঁও সংমণ্ডলৰ অন্তৰ্গত ওলটাপানী ৰেঞ্জ অফিচিৰ বন বিভাগৰ ফ্ৰণ্ট লাইন কৰ্মচাৰীসকল বাবে সকলো চৰকাৰে দিয়া ক’ভিড প্ৰট’কল পালন কৰি এক প্ৰশিক্ষণ কাৰ্য্যসূচী আয়োজন কৰা হয়।এই কাৰ্য্যসূচীত মুঠ ১৯ জন ফ্ৰণ্টলাইন কৰ্মচাৰী প্ৰশিক্ষণ গ্ৰহণ কৰে।ফ্ৰণ্টলাইন কৰ্মচাৰী সকলৰ বাবে GPS সম্পৰ্কীয় প্ৰশিক্ষণৰ গুৰুত্ব হালতুগাঁও সংমণ্ডল,কোকৰাঝাৰ জিলাৰ Divisional Forest officer এ ওলটা পানী ৰেঞ্জ অফিচৰ লগত আলোচনা কৰি আৰণ্যকক এই প্ৰশিক্ষণ অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনায়।যাতে ফ্ৰণ্টলাইন কৰ্মচাৰী সকলৰ GPS সম্পৰ্কীয় বিভিন্ন কাম কাজ সমূহ অধিক প্ৰভাৱশালী আৰু ফলদায়ক কৰি তোলাত সহায়ক হৈ উঠে।
ওলটাপানী ৰেঞ্জ অফিচৰ চৌহদত প্ৰসেনজিত শীলৰ দ্বাৰা GPS সম্পৰ্কত এক আভাস প্ৰদান কৰা হয়।ইয়াত পাছতেই প্ৰণীত বসুমতাৰী, গায়ত্ৰী দত্ত আৰু আইভী ফাৰহিন হুচেইনৰ তত্বাৱধানত GPS আৰু ইয়াৰ বিভিন্ন কাৰ্যপ্ৰণালী সম্পৰ্কত বিশদ ভাৱে ব্যৱসায়িক প্ৰশিক্ষণ প্ৰদান কৰা হয় ।এই সমূহৰ লগত প্ৰশিক্ষাৰ্থী সকলক GPS ৰ জড়িয়তে পেট্ৰল নেৱিগেশ্বন সম্পৰ্কত প্ৰশিক্ষণ প্ৰদান কৰা হয়।ক’ভিড সৃষ্ট পৰিৱেশৰ সময়তো এই প্ৰশিক্ষণ অনুষ্ঠিত কৰাৰ বাবে হেমন্ত মুচাহাৰী আৰু ফ্ৰণ্টলাইন কৰ্মচাৰী সকলে আৰণ্যক ৰ LEM দলক ধন্যবাদ প্ৰদান কৰে।তেওঁলোকে কয় যে এই প্ৰশিক্ষণ অনুষ্ঠানটো তেওঁলোকৰ বাবে যথেষ্ট ফলপ্ৰসু হৈ উঠিব লগতে তেওঁলোকৰ আৰণ্যকক এনে প্ৰশিক্ষণ আগলৈও অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনায়।লগতে ফ্ৰণ্টলাইন কৰ্মচাৰী সকলে জানিবলৈ দিয়ে যে এই অনুষ্ঠানটোত উপস্থিত থকা কিছুমান পেট্ৰলাৰৰ বাবে GPS ৰ ব্যৱহাৰ নতুন ,গতিকে এই প্ৰশিক্ষণ দ্বাৰা তেওঁলোকৰ উপকৃত হ’ব। আৰণ্যকৰ পৰা জিমি বৰা,বিনীতা বাৰোৱতী,বিজিত বড়ো,মিজিং বড়ো আৰু অজয় বসুমতাৰী উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.