বন মন্ত্ৰীৰ উদ্যোগত ছেনিটাইজাৰ বিতৰণ

0 254

অসম চৰকাৰৰ বন আৰু পৰিবেশ, আবকাৰী আৰু মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উদ্যোগত আবকাৰী বিভাগে শেহতীয়াকৈ ৰাজ্যৰ ‘কভিড-১৯’ তথা ক’ৰণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি থকা যোদ্ধাসকলৰ বাবে প্ৰয়োজন হোৱাকৈ কাৰখানাত ছেনিটাইজাৰ প্ৰস্তুত কৰা কৰা হৈছে।
 
 
 
আজি গুৱাহাটীৰ দীপৰ বিলৰ গাতে লগা চকৰ্দো কলিতাপাৰা ৰাইজ গয়ৰহৰ উদ্যোগত আবকাৰী বিভাগে প্ৰস্তুত কৰা ছেনিটাইজাৰ অঞ্চলটোত দিনে নিশাই সেৱা আগবঢ়াই অহা পশু চিকিৎসক ডা: নাৰায়ণ দেউৰী, কেবাগৰাকী স্বাস্থ্য কৰ্মী, আশা কৰ্মী আৰু ২৬ টা পৰিয়ালক প্ৰদান কৰা হয়।
 
 
মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ জনসম্পৰ্কৰক্ষী বিষয়া শৈলেন্দ্ৰ পাণ্ডেই প্ৰেৰণ কৰা ছেনিটাইজাৰ বিতৰণ কাৰ্যসূচীত চকৰ্দো কলিতাপাৰা ৰাইজ গয়ৰহৰ সভাপতি বলেন কলিতা, সম্পাদক প্ৰমোদ কলিতাকে ধৰি কেবাগৰাকী নেতৃস্থানীয় ব্যক্তিয়ে সহযোগিতা আগবঢ়ায়।

Leave A Reply

Your email address will not be published.