বলিদান দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰীয়ে

0 267

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী ঐতিহাসিক টঙৰা সত্ৰ চৌহদত আয়োজিত বলিদান দিৱসৰ কাৰ্যসূচীত অংশলৈ ভাৰত কেশৰী ড° শ্যামাপ্ৰসাদ মুখাৰ্জীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।উল্লেখযোগ্য যে স্বাধীন ভাৰতৰ প্ৰথম গৰাকী উদ্যোগ মন্ত্ৰী ড° শ্যামা প্ৰসাদ মুখাৰ্জীয়ে ১৯৫৩ চনৰ আজিৰ দিনটোতেই জম্মু-কাশ্মীৰত কাৰাবন্দী অৱস্থাত ৰহস্যজনক ভাৱে মৃত্যুবৰণ কৰিছিল।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে ভাৰতবৰ্ষৰ একতা আৰু অখণ্ডতা ৰক্ষাৰ বাবে অহোপুৰুষাৰ্থ কৰা শ্যামা প্ৰসাদ মুখাৰ্জীৰ জীৱন ৰাষ্ট্ৰীয় ঐক্য সংহতিৰ এক গৌৰৱোজ্জ্বল প্ৰতীক হিচাপে অভিহিত কৰে।তেওঁ কয় যে এক বিধান,এক নিচান,এক প্ৰধান শ্লোগানেৰে জম্মু কাশ্মীৰক বিশেষ মৰ্য্যদা প্ৰদান কাৰী ভাৰতীয় সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বাতিলৰ বাবে কঠোৰ সংগ্ৰামত ব্ৰতী হোৱা ভাৰতীয় জনতা পাৰ্টিৰ পূৰ্বসুৰী ভাৰতীয় জন সংঘৰ প্ৰতিষ্ঠাপক এইগৰাকী মহান ব্যক্তিৰ জীৱন আমাৰ বাবে আজিও এক গভীৰ অনুপ্ৰেৰণা উৎস।
মাত্ৰ ৩৩ বছৰ বয়সতে কলকাতা বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্যৰ পদ অলংকৃত কৰা ড° শ্যামা প্ৰসাদ মুখাৰ্জীয়ে অসমীয়া ভাষাৰ শিক্ষাদান আৰু ইয়াৰ প্ৰসাৰৰ বাবে আগবঢ়োৱা সহযোগিতাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দেশ বিভাজনৰ সময়ত পশ্চিমবঙ্গৰ আৰু পূব পঞ্জাৱৰ লগতে অসমক গ্ৰুপিঙৰ পৰা ৰক্ষা কৰাৰ দিশটো মুখাৰ্জীয়ে অতুলনীয় অৰিহণা আগবঢ়াই গৈছে।ভাৰত ৰন্ত গোপীনাথ বৰদলৈৰ জীৱনী খৰচী মাৰি অধ্যয়ন কৰিলে সেই সময়ত ড° শ্যামা প্ৰসাদ মুখাৰ্জীয়ে অসম স্বাৰ্থ ৰক্ষাৰ বাবে আগবঢ়োৱা সহযোগিতাৰ বিষয়ে জানিব পৰা যায় বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।
ম্যানমাৰ, শ্ৰীলংকা, কম্বোডিয়া আৰু নেপালৰ সৈতে স্বাধীন ভাৰতৰ সম্পৰ্ক সুদৃঢ়কৰণৰ ক্ষেত্ৰত মূখাৰ্জীৰ বিশিষ্ট অৰিহণা কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কম্বোডিয়া ৰাজকুমাৰ নোৰোদম সিংহানুকে তেওঁৰ সন্মানর্থে আয়োজন কৰা এক সভাত ৫ লক্ষাধিক লোকে ভাগ লৈছে।আজিৰ পৰা সাতোটা দশকৰ পূৰ্বে আয়োজিত এই সভাতেই তেওঁ নতুন এছিয়াৰ নতুন যুগ সৃষ্টিৰ আহ্বান জনাই নিজৰ প্ৰখৰ কূটনৈতিক দক্ষতাৰ পৰিচয় দাঙি ধৰিছিল বুলি উল্লেখ কৰে।দেশৰ অখণ্ডতাৰ বাবে নিজৰ জীৱন উছৰ্গা কৰা এইগৰাকী মহান দেশ সেৱকৰ অনুপ্ৰাণিত হৈ দেশৰ সেৱাত সৰ্বস্ব উজাৰি দিয়াৰ সংকল্প ল’বলৈ তেওঁ যুৱ চামৰ প্ৰতি আহ্বান জনায়।
এই অনুষ্ঠানৰ মুখ্যমন্ত্ৰীয়ে পাছতে টঙৰা সত্ৰৰ পৰিদৰ্শন কৰে।স্থানীয় বিধায়ক অতুল বৰাৰ অনুৰোধ মৰ্মে মহানগৰীৰ মাজমজিয়াৰ এই সত্ৰ খনৰ আন্তঃগাঁথনি উন্নয়ন বাবে সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱা হ’ব বুলি তেওঁ আশ্বাস প্ৰদান কৰে।নামঘৰ,অতিথিশালা, বাটচ’ৰা,পুখুৰী আদিকে সামৰি সত্ৰ খনৰ সৰ্বাংগীন উন্নয়নৰ বাবে এক সামগ্ৰিক পৰিকল্পনা প্ৰস্তুত কৰি পৰৱৰ্তী এমাহৰ ভিতৰত চৰকাৰৰ ওচৰত দাখিল কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সত্ৰ পৰিচালনা সমিতিক আহ্বান জনায়।
আজি কাৰ্যসূচীত মুখ্যমন্ত্ৰী লগত স্থানীয় দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা আৰু নলবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰী ৰাজনৈতিক উপদেষ্টা জয়ন্ত মল্ল বৰুৱাও উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.